Breaking News

সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিত ফুকনৰ পৃষ্ঠপোষকতাত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব বন বিভাগে।


ডিজিটেল ডেস্ক:
 সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙিত বৃদ্ধি পাবলৈ ধৰা হাতী- মানুহৰ সংঘাত ৰোধ কৰিবলৈ  শুক্ৰবাৰে সৰুপথাৰৰ আৱৰ্ত ভৱনত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্য বন সংৰক্ষক এম কে যাদৱ, উজনি অসম পূব বন সংৰক্ষক, গোলাঘাট জিলাৰ বন বিষয়া তথা ধনশিৰি মহকুমা প্রশাসনৰ উপস্থিতিত এক আলোচনা  হয়। শেহতীয়াকৈ সৰুপথাৰ সমষ্টিৰ অন্তৰ্গত মৰঙিকে ধৰি ভিন্ন প্ৰান্তত বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাত কেনেকৈ ৰোধ কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়।  সৰুপথাৰ সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা বিশ্বজিত ফুকনে উক্ত সমস্যাটোৰ ক্ষেত্ৰত ইতিমধ্যে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে। উক্ত সভাতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। হাতীৰ খাদ্য আৰু বাসস্থানৰ বাবে সৰুপথাৰ সমষ্টিত প্ৰায় ডেৰ হাজাৰ বিঘা ভূমিত কৃত্রিমভাৱে বনাঞ্চল তৈয়াৰ কৰি হাতীৰ খাদ্যৰ বাবে ১ লাখজোপা ফলমূলৰ গছ ৰোপণ কৰাৰ কথা সংবাদ মাধ্যমৰ আগত  জানিবলৈ দিয়ে বিধায়ক বিশ্বজিত ফুকনে। বন বিভাগে অহা বছৰত ৫ কোটি গছপুলি ৰোপণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যাৰ বাবে অসমৰ ভিন্ন প্ৰান্তত নাৰ্ছাৰী কৰিব বন বিভাগে। ইয়াৰ লগত সংগতি ৰাখি গোলাঘাট জিলাৰ ভিতৰতে আটাইতকৈ সৰ্ববৃহৎ নাৰ্ছাৰীখনেই সৰুপথাৰত হোৱাৰ কথা ঘোষণা কৰে বনমন্ত্ৰীগৰাকীয়ে। এই নাৰ্ছাৰীখন প্ৰস্তুত কৰা বিধায়ক গৰাকীয়ে বন বিভাগক সম্পূর্ণ সহযোগিতা কৰাৰ কথা ব্যক্ত কৰে ৷  গ্রাম্য অৰ্থনীতি উন্নত কৰাৰ কাৰণে বন বিভাগে আঁচনি গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। সৰ্বসাধাৰণ ৰাইজক সাঁচি, চন্দনকে ধৰি মূল্যৱান গছ ৰোপণ কৰিবলৈ আহ্বান জনায় মন্ত্ৰী  পাটোৱাৰীয়ে ৷

No comments