Breaking News

আৰুণি কাশ্যপলৈ নেশ্যনেল এণ্ডাউমেন্ট আর্টিষ্ট ফেল'শ্বিপ প্ৰদান


 ডিজিটেল ডেস্ক: ২০২৩ বৰ্ষৰ নেশ্যনেল এণ্ডাউমেন্ট আর্টিষ্ট ফেল'শ্বিপ প্ৰদান কৰা হৈছে অসমীয়া লেখক, কবি আৰু অনুবাদক আৰুণি কাশ্যপক  মার্কিন যুক্তৰাষ্ট্ৰৰ এই সন্মানীয় বঁটা প্ৰতি বছৰে মাত্ৰ ২২জন সাহিত্যিকক দিয়া হয়  নেশ্যনেল এণ্ডাউমেন্ট ফৰ দ্য আৰ্টিষ্ট ১৯৬৫ চনত মার্কিন চৰকাৰে স্থাপন কৰা এটা স্বতন্ত্র সাহিত্য প্রতিষ্ঠান।  প্ৰতিষ্ঠানটোৰ ৫৭ বছৰীয়া ইতিহাসত কোনো অসমীয়া লেখকে এই সন্মান অৰ্জন কৰা নাছিল।কাশ্যপ এই সন্মান লাভ কৰা প্ৰথম জন অসমীয়া। ফেল'শ্বিপৰ বাবে কাশ্যপে লাভ কৰিব ১০ হাজাৰ মাৰ্কিন ডলাৰ । অনুবাদ কৰ্মৰ বাবে প্ৰদান কৰা এই সন্মান এইবাৰ পৃথিৱীৰ মাত্ৰ ১৬টা ভাষালৈ আগবঢ়োৱা হৈছে। এই বছৰ অসমীয়াৰ বাহিৰে আন কোনো ভাষাই এই সন্মান পোৱা নাই।  আৰুণি কাশ্যপৰ জন্ম ১৯৮৪ চনত শিলচৰত । তেওঁ পেছাত অধ্যাপক। বৰ্তমান অৰুণি কাশ্যপ যুক্তৰাষ্ট্ৰৰ ইউনিভাৰ্ছিটি অব্ জিঅ'জিয়াৰ ইংৰাজী বিভাগৰ অধ্যাপক আৰু ক্ৰিয়েটিভ ৰাইটিং কার্যক্ৰমৰ সঞ্চালক।

No comments