Breaking News

অসমৰ ১৪খন জিলাত আৰ্ছেনিকযুক্ত বিশুদ্ধ খোৱাপানীৰ যোগান

 


ডিজিটেল ডেস্ক:কেন্দ্ৰীয় চৰকাৰৰ জলশক্তি মন্ত্ৰ্যালয়ৰ অধীনত মধ্যপ্ৰদেশৰ ভূপালত কালিৰে পৰা অনুষ্ঠিত হৈ থকা ‘ 1st All India Annual State Minister's Conference on Water ' শীর্ষক সন্মীলনত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই Building Climate Resilient Water Infrastructure বিষয়বস্তুৰ আধাৰত এটি উপস্থাপন দাঙি ধৰে।বক্তব্যত মন্ত্ৰীগৰাকীয়ে প্ৰথমতে অসমত জলজীৱন মিছনৰ অধীনত ৰাজ্যখনৰ সকলো মানুহৰ বাবে বিশুদ্ধখোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰৰ প্ৰয়াসৰ বিষয়ে বৰ্ণনা কৰে । ২০১৯ চনত মাথোঁ ২ শতাংশ মানুহহে টেপযুক্ত পানীৰে সংযুক্ত আছিল বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্রীয় চৰকাৰৰ একান্ত সহযোগ আৰু ৰাজ্য চৰকাৰৰআন্তৰিক প্ৰয়াসৰ বাবে বর্তমানে এই পৰিসংখ্যা ৪১ শতাংশলৈ বৃদ্ধি পাইছে । আনহাতে , অংগনরাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহৰো প্রায় ৮০ শতাংশ ইতিমধ্যেই সাঙুৰি লোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে বক্তব্যত উল্লেখ কৰে । বৰষুণৰ মাত্ৰা অধিক হোৱা অসমত এই পানীভাগ উপযুক্ত ব্যৱহাৰৰ বাবে ‘ ৰেইন ৱাটাৰ হার্ভেষ্টিং'ৰ ক্ষেত্ৰতো বিভাগীয় প্রকল্প হাতত লৈ সকল হোৱা বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । অসমৰ ১৪ খন জিলাত আর্জেনিকযুক্ত পানী থকা বাবে টেপযুক্ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰাৰ প্ৰয়োজন থকাৰ কথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই উল্লেখ কৰে । 

No comments