Breaking News

দুসপ্তাহৰ বাবে মেঘালয় উচ্চ ন্যায়ালয়ৰ নির্দেশনাত স্থগিতাদেশ জাৰি কৰে।

 


ডিজিটেল ডেস্ক:
অসম-মেঘালয় সীমা বিবাদ নিষ্পত্তিৰ বাবে যোৱা ২৯ মাৰ্চত দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ মাজত হোৱ বুজাবুজি চুক্তি সন্দৰ্ভত মেঘালয় উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাত স্থগিতাদেশ জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে। দুয়ো ৰাজ্যৰ উমৈহতীয়া আবেদন শুক্ৰবাৰে  শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়, ন্যায়াধীশ পি এছ নৰসীমা আৰু ন্যায়াধীশ জে বি পৰ্দিৱালাৰ বিচাৰপীঠে দুসপ্তাহ পাছত সমগ্র বিষয়টোত শুনানি গ্ৰহণ নকৰালৈকে মেঘালয় উচ্চ ন্যায়ালয়ৰ এজনীয়া বিচাৰপীঠৰ অন্তৱৰ্তীকালীন নিৰ্দেশনাৰ ওপৰত স্থগিতাদেশ জাৰি কৰে।শুনানি কালত মেঘালয় চৰকাৰৰ হৈ কেন্দ্ৰৰ ছলিচিট জেনেৰেল তুষাৰ মেহতাই কয় যে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড চাংমাই ৰাজনৈতিক পৰ্যায়ত দুখন ৰাজ্যৰ মাজত ৬টা স্থানত থকা দীৰ্ঘদিনীয়া সীমা বিবাদৰ নিষ্পত্তিৰ বাবে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিছিল।  মেঘালয় যেতিয়া অসমৰ পৰা আঁতৰি গৈছিল, তেতিয়া ৰাজনৈতিকভাৱেই সীমা নিৰ্ধাৰিত কৰা হৈছিল তথা ঠায়ে ঠায়ে কিছু বিভ্রান্তি থাকি গৈছিল। এতিয়া ৰাজনৈতিকভাৱেই বিবদমান এলেকাসমূহৰ সীমা নিৰ্ধাৰণৰ চেষ্টা চলাই আছে দুয়ো ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে। 

No comments