Breaking News

প্ৰাক্তন মন্ত্ৰী নজৰুল ইছলামৰ দেহাৱসান



ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি অসুস্থ হৈ চিকিৎসাধীন হৈ থকা প্ৰাক্তন মন্ত্ৰী মন্ত্ৰী ডাঃ নজৰুল ইছলামৰ আজি দেহাৱসান ঘটে।  হেলথ চিটী হাস্পতালত চিকিৎসাধীন অৱস্থাতে  আজি দুপৰীয়া শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে। ১৯৯৬ চনত প্ৰথম বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ইছলামে  ৫ বাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল আৰু  তিনিবাৰৰ কেবিনেট মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰয়াত তৰুণ গগৈ মুখ্যমন্ত্ৰীৰ কাৰ্যকালত  স্বাস্থ্য আৰু যোগান মন্ত্ৰীৰ দায়িত্বত আছিল নজৰুল ইছলাম। লাহৰীঘাট সমষ্টিৰ পৰা ৫বাৰকৈ বিধানসভালৈ নিৰ্বাচিত হৈছিল ডাঃ ইছলাম। 

নগাঁৱত প্ৰাক্তন মন্ত্ৰীগৰাকীৰ  জানাজা সম্পন্ন হ’ব  বুলি জানিব পৰা গৈছে।


No comments