Breaking News

ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী( স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগ )লৈ স্মাৰক পত্ৰ সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সন্থাৰ কেন্দ্ৰীয় সমিতিৰ



ডিজিটেল ডেস্কঃ সদৌ অসম গ্ৰাম্য ঔষধ ব্যৱসায় সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে সোমবাৰে গোলাঘাট জিলা শাখাৰ তৰফৰ পৰা উপায়ুক্তৰ যোগেদি ভাৰত চৰকাৰৰ কেবিনেট মন্ত্ৰী( স্বাস্থ্য আৰু  পৰিয়াল কল্যাণ বিভাগ )লৈ স্মাৰক পত্ৰ প্ৰদান কৰা হয় । উক্ত অনুষ্ঠানত সভাপতি, সম্পাদক, উপ-সভাপতি সহ-সম্পাদক আৰু কেইবাজনো সদস্য উপস্থিত থাকে।সোমবাৰে গ্ৰাম্য ঔষধ ব্যৱসায় সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্ত মৰ্মে প্ৰতিখন জিলাৰ সমিতি সমূহে নিজ নিজ জিলা সমূহৰ উপায়ুক্ত সকলৰ জৰিয়তে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী আৰু কেন্দ্ৰীয় ঔষধ নিয়ন্ত্ৰক মহোদয়ক নিম্ন লিখিত সিদ্ধান্ত কেইটালৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়।

১/ ঔষধৰ দোকান সমূহত ডাক্তৰসকলে লিখা ঔষধ সমূহ ৰাখিব পৰাৰ ব্যৱস্থা কৰা। 

২/ ঔষধ ব্যৱসায়ীসকলৰ পৰগামী হোৱাৰ পাছত যোগ্যতাৰ ভিত্তিত উত্তৰাধিকাৰী সকলক ব্যৱসায়টো চলাই যাব পৰা ব্যৱস্থা কৰা। 

৩/ ব্যৱসায়ী সকলে কমেও ২০ /৩০ বছৰে এই ব্যৱসায় কৰি থকা হৈছে গতিকে এইলোক সকলৰ মাজত স্কীল ডেভেলপমেন্টৰ তৰফৰ পৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰা।৪/১৯৪০চনত ড্ৰাগ এণ্ড কচমেটিক আইন পাছ কৰি ১৯৯৫ চনত সংশোধন কৰা হৈছিল যদিও বৰ্তমান যি নতুন নতুন বেমাৰ আৰু নতুন নতুন ঔষধ আৱিস্কাৰ হৈছে তাৰ কাৰণে এই আইন খন পুনৰ সংশোধনৰ  ব্যৱস্থা কৰা। এই সিদ্ধান্ত কেইটাৰ ওপৰত জিলা শাখাৰ তৰফৰ পৰাও এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

No comments