Breaking News

বোকাজানত ২৪ কোটি টকাৰ ড্ৰাগছ জব্দ: দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

এক গোপন সুত্ৰৰ পম খেদি কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক সঞ্জীৱ শইকীয়া, অতিৰিক্ত আৰক্ষী অধীক্ষক কংকনজ্যোতি নাথৰ নেতৃত্বত আৰু খটখটি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰমেন বৰদলৈৰ সহযোগত কালি সন্ধিয়া অসম-নাগালেণ্ড সীমান্তৰ খটখটীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হয়।অসম আৰক্ষীৰ ডগ স্কোৱাডৰ প্ৰশিক্ষক দ্বিগেন নাথৰ তত্বাৱধানত থকা গুৱাহাটীৰ পৰা অনা 'ডেনী' নামৰ স্নিফাৰ ডগৰ সহায়ত এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰাৰ কথা আক্ষী সূত্ৰে প্ৰকাশ কৰে। তথ্য অনুসৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এন এল - ০১- এ ডি -৮৭২৮ নম্বৰৰ ট্ৰাকখন আৰক্ষী দলটোৱে খটখটীৰ নিয়মীয়া নাকাত ৰখাই স্নিফাৰ ডগৰ জৰিয়তে টকা তলাচী চলাই ট্ৰাকখনৰ‌ কেবিনৰ এক‌ গোপন চেম্বাৰত লুকুৱাই অনা অৱস্থাত প্ৰায় ৪.১০৯ কিল'গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে ২ টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে।ধৃত ড্ৰাগছ সৰবৰাহকাৰী দুটা হৈছে ক্ৰমে মণিপুৰৰ থৌবাল জিলাৰ লিলং আৰক্ষী থানাৰ অন্তৰ্গত উছৈপকপি গাঁৱৰ মহম্মদ চামাদৰ পুত্ৰ মহম্মদ ইকবাল (২৬)আৰু একে ঠাইৰে লিলং ইফাম গাঁৱৰ মহ্মদ চৈয়ব আখটাৰ (২২)।আজি‌ সন্ধিয়া কাৰ্বি আংলং জিলাৰ জিলা‌ আৰক্ষী অধীক্ষকে জব্দ কৰা এই ড্ৰাগছখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য ২৪ কোটি টকা হ'ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।

No comments