Breaking News

ৰাজ্যত আৰম্ভ হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা:

কলিৰে পৰা আৰম্ভ হ'ল ২০২৩ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা।একাধিক কটকটীয়া নিয়মৰ মাজেৰে ৰাজ্যৰ সকলো জিলাতে পৰীক্ষা আৰম্ভ হয়।ৰাজ্যৰ মুঠ ৮৫৬ টা পৰীক্ষা কেন্দ্ৰত অভিলেখসংখ্যক  ৩,৪২,৮৬৯ গৰাকী‌ পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছ। ইয়াৰে কলা শাখাত ২,৭২,৫২৯ গৰাকী,বিজ্ঞান শাখত ৪৭,৪৮৫ গৰাকী,বাণিজ্য শাখাত২০,৯০৭ গৰাকী আৰু বৃত্তিগত শাখাত ১,৯৪৮ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে। উল্লেখোগ্য যে এইবাৰ পৰীক্ষাৰ্থীসকলক প্ৰশ্নকাকত পঢ়িবৰ বাবে ১০ মিনিট সময় প্ৰদান কৰা হয়।ইয়াৰ বাবেই কালি প্ৰথম দিনা পৰীক্ষাৰ নিৰ্দ্ধাৰিত সময়তকৈ ১৫ মিনিট পূৰ্বেই প্ৰশ্নকাকত প্ৰদান কৰা হয়। লক্ষণীয় যে এইবাৰৰ পৰীক্ষা পৰীক্ষা পৰীক্ষাৰ্থীসকলৰ বাবে বিশেভাৱে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।ক'ভিড মহামাৰীৰ বাবে এইসকল পৰীক্ষাৰ্থীয়ে মেট্ৰিক পৰীক্ষাত হ'বলৈ পোৱা নাছিল এই ছাত্ৰ-ছাত্ৰীসকলে। সেয়েহে এই পৰীক্ষা‌ তেওঁলোকৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে। পৰীক্ষাত এন্ড্ৰ‌ইড ম'বাইল, ইলেকট্ৰনিক ঘড়ী,কেলকুলেটৰ আদি কঠোৰভাৱে নিষিদ্ধ কৰা হৈছ।এই সামগ্ৰীসমূহ লৈ‌ যাতে কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা কেন্তত প্ৰৱেশ কৰিব নোৱাৰে তাৰ। বাবে কঠোৰ পৰীক্ষা কৰা হয়। উল্লেখযোগ্য যে নিষিদ্ধ সামগ্ৰী লৈ‌ পৰীক্ষা কেন্দ্ৰত প্ৰৱেশ কৰাৰ‌ কথা নিৰীক্ষকে ধৰা পেলালে তিনি বছৰ পৰ্য্যন্ত বহিষ্কাৰ কৰাৰ নিয়ম আছে।কালিৰ পৰা আৰম্ভ হোৱা পৰীক্ষা অহা ২০ মাৰ্চত শেষ হ'ব। আনহাতে নিৰাপত্তাৰ বাবে প্ৰশাসনে পৰীক্ষাৰ সময়ত সকলো পৰীক্ষা কেন্দ্ৰৰ নিৰ্দ্ধাৰিত এলেকাত ১৪৪ ধৰা জাৰী কৰাৰ উপৰিও চাইবাৰ ক্ৰাইম ৰোধ কৰাৰ বাবে এজন অৱসৰ প্ৰাপ্ত উপ পৰিদৰ্শকৰ নেতৃত্বত এটা বিশেষ দল গঠন কৰা হৈছে।

No comments