Breaking News

প্ৰধান মন্ত্ৰীৰ উপস্থিতিত ১০০ কোটি টকা ব্যয়ৰে বিহু পাতিব অসম চৰকাৰে

ৰাজ্যখন দিনক দিন ঋণৰ কবলত পোত গৈ থকাৰ সময়ত ৰাজ্য চৰকাৰে উৎপাদনমূলক কামক অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে নাচ-গান,আমোদ প্ৰমোদৰ নামত পাতিছে ৰাজকোষৰ ধনৰ শৰাধ।তাৰ অংশ হিচাপেই গীনিজ বুক অব্ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তীৰ কুচকাৱাজ চলোৱাৰ দোহাই দি, অহা ১৪ এপ্ৰিলত প্ৰধান‌ মন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত মহানগৰীৰ সৰুসজাই ষ্টেডিয়ামত ১১ হাজাৰ বিহুৱা-বিহুৱতীৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'ব বিহু নৃত্যৰ অনুষ্ঠান। প্ৰাপ্ত তথ্য মতে ১১ লাখ ৩০ হেজাৰ কোটি টকাৰ ঋণত ডুব গৈ থকা আৰু অহা ২১ ফেব্ৰুৱাৰীত পুনৰ ৮০০ কোটি টকাৰ ঋণৰ প্ৰস্তাৱ লোৱা চৰকাৰখনে এইবাৰ উপৰোক্ত বিহু অনুষ্ঠানটোৰ নামতেই ব্যয় কৰিব প্ৰায় ১০০ কোটি টকা।পূৰ্বে কেবিনেট বৈঠক আৰু কালি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকসকলৰ সৈতে বৈঠকতো  প্ৰস্তাৱিত বিহু নৃত্যৰ প্ৰসংগত দীৰ্ঘ সময় আলোচনা কৰা হয় আৰু সেইমৰ্মে জিলা উপায়ুক্তসকলক যাৱতীয় সকলো ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে।অহা ২৭ ফেব্ৰুৱাৰীত এই সংক্ৰান্তত মহানগৰীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰত বিশেষ প্ৰশিক্ষণ কাৰ্যসচীত আৰম্ভ হ'ব আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ১ মাৰ্চৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাৰ সমষ্টিয়ে সমষ্টিয়ে আৰু অহা ৮ এপ্ৰিলৰ দিনা গুৱাহাটীত হ'ব মূল আখৰা। উল্লেখযোগ্য যে অংশগ্ৰহণকাৰীসকল তথা তেওঁলোকৰ লগত আহিবলগীয়া অভিভাৱক সকলৰো মহানগৰীলৈ অহা-যোৱা আৰু যাৱতীয় সকলো খৰচ বহন কৰিব ৰাজ্য চৰকাৰে।মাত্ত ১০-১৫ মিনিট সময়ৰ বাবে অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠানটোৰ নামতেই চৰকাৰে ইমানবোৰ টকা পানীত পেলোৱা কামটো সঁচাকৈয়ে গৰিহণাৰযোগ্য। 

No comments