Breaking News

ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান সন্দৰ্ভৰ বৈঠকত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া:

যোৱা শনিবাৰে সাংস্কৃতিক মন্ত্ৰী বিমল বড়াৰ নিৰ্দেশনাত দিছপুৰৰ জনতা ভৱনৰ কাৰ্যালয় কক্ষত ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। প্ৰথম অসমীয়া চলচ্চিত্ৰ 'জয়মতী'ৰ মুক্তি লাভৰ দিনটোতে অৰ্থাৎ অহা ১০ মাৰ্চত শ্ৰীমন্ত শঙ্কৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন সন্দৰ্ভত এই বৈঠকত বিশদভাৱে আলোচনা কৰা হয়। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত ২০১৮ আৰু ২০১৯ বৰ্ষৰ বাবে সাংস্কৃতিক সঞ্চালকালয় আৰু অসম ৰাজ্যিক চলচ্চিত্ৰ আৰু বিত্ত উন্নয়ন নিগমে যুটীয়াভাৱে আয়োজন কৰিবলগীয়া এই চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত চলচ্চিত্ৰৰ বিভিন্ন শিতানত বিভিন্ন ব্যক্তিৰ নামত প্ৰদান কৰিবলগীয়া বঁটা , জুৰিসকলৰ ব্যৱস্থাপনা, আয়োজন আদি বিভিন্ন দিশকে ধৰি বাজেট সন্দৰ্ভতো আলোচনা কৰা হয়।এই বৈঠকত সাংস্কৃতিক মন্ত্ৰী বড়াই বঁটা প্ৰদান অনুষ্ঠান গতানুগতিকতকৈ ব্যতিক্ৰম তথা নিখুঁত সুপৰিকল্পিতভাৱে অনুষ্ঠিত হয় তাৰ বাবে পৰিকল্পনা যুগুত কৰি উলিয়াবলৈ বিষয়াসকল নিৰ্দেশ দিয়ে।বৈঠকখনত অসম ৰাজ্যিক চলচ্চিত্ৰ,বিত্ত আৰু উন্নয়ন নিগমৰ অধ্যক্ষ সীমাশ্ত শেখৰ, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সচিব লয়া মাদুৰী, অতিৰিক্ত সচিব মণিদিপা‌ বৰকটকী, সাংস্কৃতিক সঞ্চালক মীনাক্ষী দাস নাথ,যুটীয়া সচিবদ্বয় দীনমণি দাস আৰু বিজয়লক্ষ্মী বৰুৱাকে ধৰি কেবাগৰাকীও বিষয়া-কৰ্মচাৰী উপস্থিত আছিল।

No comments