Breaking News

অবৈধ কয়লা খনিত প্ৰাঞ্জল মৰাণৰ মৃত্যু(!)ৰ ঘটনাই ধাৰণ কৰিছে ব্যাপক ৰূপ

অবৈধ কয়লা খনিত প্ৰাঞ্জল মৰাণৰ মৃত্যু(!)ৰ ঘটনাই ধাৰণ কৰিছে ব্যাপক ৰূপ/ কয়লা পৰিবাহী ট্ৰাক অৱৰোধ/ মেনেজৰ অংকত ব্যস্ত বিভিন্ন পক্ষ



ৰবীন মৰাণ, পেঙেৰী:  তিনিচুকীয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত মাকুম শুকানি গাৱঁৰ প্ৰাঞ্জল মৰাণ (২৭) লিডুৰ অবৈধ কয়লা ক্ষেত্ৰত কয়লা খান্দি জীৱিকা নিৰ্বাহৰ বাবে ওলাই গৈ নিখোজ হোৱা ঘটনাটোক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্ট হৈছে তিনিচুকীয়াত। ঘটনাৰ ন্যায় বিচাৰি কালি সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাই ৩৮ নং ৰাষ্ট্ৰীয় ঘাই পথৰ আনন্দ বাগ চাহ বাগিচাৰ সমীপত অবৈধ কয়লা পৰিবাহী ট্ৰাকৰ বিৰুদ্ধে অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে। উক্ত কাৰ্যসূচী অনিদিষ্ট কাললৈকে অব্যাহত থাকিব বুলিও সংগঠন কেইটাই এই প্ৰতিবেদকৰ আগত প্ৰকাশ কৰে। উল্লেখ্য যে মাৰ্ঘেৰিটা-লিডুৰ অবৈধ কয়লা ক্ষেত্ৰত প্ৰাঞ্জলৰ দৰে বহু শ্ৰমিকৰ মৃত্যু ঘটিছে যদিও প্ৰায় সকলোবোৰ ঘটনাই থাপি থুপি থোৱা যায়। শুকানিৰ প্ৰাঞ্জল মৰাণ আৰু মাৰ্ঘেৰিটাৰ বিশ্বজিৎ বৰুৱা, যোগীঘোপাৰ ছাইদুল ইছলাম, হুছেইন আলী, আছমৎ আলীকে ধৰি যোৱা ছমাহতে ছজনকৈ অবৈধ কয়লাৰে সম্পৰ্কীত ব্যক্তিৰ মৃত্যুৰ ঘটনা পোহৰলৈ আহিছে। ৰেট্ হ'ল মাইনিং কিম্বা ভূগৰ্ভ খননত কয়লা খন্দা শ্ৰমিকৰ জীৱনলৈ কোন সময়ত মৃত্যু আহে কোনেৱে কব নোৱাৰে। তৎসত্তেও তুলনামূলকভাৱে আন্যতকৈ অধিক মজুৰি পোৱাৰ লোভত দুৰ্গত লোক সকল জীৱনক পন বন্দী কৰি উক্ত ভয়াবহ কৰ্মৰে জড়িত হৈ পৰে। কিন্তু ক'ল ইণ্ডিয়াৰ ব্যতিৰেকে যিহেতুকে কয়লাৰ দৰে ৰাষ্ট্ৰীয় সম্পদৰ খনন নিষিদ্ধ, আৰু নিসিদ্ধ কয়লা খননতেই নিয়োজিত শ্ৰমিকসকলৰ জীৱনৰ নিৰাপত্তা নাই, তেনেস্থলত শূন্য সহনশীলতাৰ শ্ল'গান দিয়া অসম চৰকাৰে সম্পূৰ্ণ অবৈধ কাৰবাৰটো বন্ধ কৰিবলৈ ন্যূনতম সদিচ্ছা প্ৰকাশ নকৰাটোৱে ৰহস্য ঘনীভূত কৰে। তাৎপৰ্যপূৰ্ণ বিষয়টো হ'ল মৃত্যুৰ কিৰিলি বুলি জনাজাত মাৰ্ঘেৰিটা-লিডুৰ অবৈধ কয়লা খনিত কোনো শ্ৰমিকৰ মৃত্যু ৰূপী নিৰুদ্দেশৰ ঘটনা বিশেষত 'মেনেজৰ টোপ' গিলিবলৈ হেতা-ওপৰা লাগাৰ প্ৰতিযোগিতা চলে ভদ্ৰ সমাজৰ বিভিন্ন পক্ষৰ মাজত। প্ৰাঞ্জলৰ নিৰুদ্দেশ কিম্বা মৃত্যুৰ ঘটনাটোও ব্যতিক্ৰম নহয়। এই ক্ষেত্ৰত দল-সংগঠন, সাংবাদিক, কয়লা মাফিয়াৰ 'চামচা', আৰক্ষীৰ পৰা ৰাজনৈতিক নেতালৈকে কোনো পিছ পৰি থকা নাই। ঘটনাৰ বিৱৰণিত প্ৰকাশ যে শুকানি গাঁ‌ৱৰ দেৱেন মৰাণৰ বিবাহিত পুত্ৰ প্ৰাঞ্জলে বিগত বৰ্ষৰ ডিচেম্বৰ মাহতেই ৬ নং লিডু বাগানৰ ৰাজা ছাই কুজুৰ আৰু কমল ছাই কুজুৰৰ অধীনত টিৰাপ কলিয়ৰীত কয়লা খননৰ কাম কৰিবলৈ গৈছিল। প্ৰাঞ্জলে এজন সতীৰ্থৰ মোবাইল ফোনৰ পৰা যোৱা ১২ জানুৱাৰী, ২০২৩ তাৰিখে পত্নী উৰ্বশীলৈ ফোন কৰি ১৪ জানুৱাৰী তাৰিখে ঘৰলৈ যোৱাৰ কথা অৱগত কৰিছিল। কথামতে ঘৰলৈ নহাত চিন্তান্বিত হৈ পৰে পৰিয়ালৰ লোক।  ইতিমধ্যে লিডু কয়লা খনিত দুজন লোকৰ মৃত্যুৰ বাতৰি বিয়পি পৰাত শংকিত হৈ পৰিয়ালৰ লোকে লিডু পৰ্যন্ত গৈ ঘটনাটোৰ বুজ লয়। কিন্তু উক্ত দুজন মৃত লোকৰ ভিতৰত প্ৰাঞ্জল নাছিল বুলি নিশ্চিত হোৱাৰ পাছত তেওঁলোক ঘৰমুৱা হয়। উল্লেখ্য যে তেনে এক সময়তে যোৱা ২ ফেব্ৰুৱাৰী, ২০২৩ তাৰিখে ডিগবৈ নিকটৱৰ্তী লক্ষীপথাৰ নিৱাসী আৰু অবৈধ কয়লা ব্যৱসায়ৰে জড়িত জনৈক হীৰেন গগৈয়ে শুকানিৰ প্ৰাঞ্জলৰ পত্নীৰ ওচৰলৈ গৈ প্ৰাঞ্জলৰ কৰ্মস্থলীত মৃত্যু হোৱা বুলি খবৰ দিয়াই নহয়, ক্ষতিপূৰণ হিচাপে পাঁ‌চ লাখ টকা পোৱাৰ সম্ভাৱনাৰ কথাও ব্যক্ত কৰে। তাৰ পাছতো প্ৰাঞ্জলৰ মৃতদেহ দেখুৱাই দিয়াৰ বিনিময়ত তিনি লাখ টকা দাবী কৰা অজ্ঞাত লোকৰ কল ৰেকৰ্ডো ভাইৰেল হৈছিল। তাৰ পাছত প্ৰাঞ্জলৰ বাসগৃহলৈ দল-সংঠনৰ নেতাৰ সোঁ‌ত ববলৈ আৰম্ভ কৰে। কেতবোৰ নেতাই প্ৰাঞ্জলৰ পত্নীক আৰক্ষী অধীক্ষকৰ ওচলৈ নি মেনেজ কৰিবলোকো চেষ্টা চলালে। 



    কালিলৈকে মেনেজৰ সৰ্বোচ্চ সীমা সত্তৰ লাখ পৰ্যন্ত উঠে বুলিও বু বু বা বা ওলাইছে। কিন্তু এই পৰ্যন্ত প্ৰাঞ্জলৰ শিক্ষিতা পত্নী উৰ্বশী নিজৰ স্থিতিত অটল হৈ থাকিল। কালি অৱশ্যে স্থানীয় নেতৃত্বৰ সতে উৰ্বশী তিনিচুকীয়ালৈ গৈ সদৌ মৰাণ ছাত্ৰ সন্থা আৰু অসম মৰাণ সভাৰ নিমন্ত্ৰণ ক্ৰমে আলোচনাত মিলিত হয়গৈ। আলোচনাত পৰিয়ালক মৃতদেহ চমজাই দিয়া, অবৈধ কয়লা খনন বন্ধ কৰা, মৃতকৰ নিকট আত্মীয়লৈ ক্ষতিপূৰণ দিয়া, মৃতকৰ পত্নীৰ সংস্থাপন ইত্যাদি বিষয় সন্নিৱিষ্ট আছিল। উল্লেখ্য যে পৰিয়ালৰ লোকে লিডু আৰক্ষী চকীত দিয়া এজাহাৰৰ ভিত্তিত যোৱা ৬ ফেব্ৰুৱাৰী তাৰিখে মাৰ্ঘেৰিটা থানাই কয়লা মাফিয়া বি গণেশ, ৰাজা ছাই কুজুৰ আৰু কমল ছাই কুজুৰৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। প্ৰাঞ্জল পত্নী উৰ্বশীৰ এজাৰৰ ভিত্তিত মাৰ্ঘেৰিটা থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ (বি)/৩০৪/৩৭৯ আৰু আৰ/ডব্লিউ ছেকচন ৩ ৰ পি ডি পি পি এক্টৰ অধীনত গোচৰ ৰুজু (এজাহাৰ নং - ৪০) কৰিছে যদিও অপৰাধীক আটক কৰা হোৱা নাই। আনকি এজাহাৰত উল্লিখিত হীৰেন গগৈক সোধ-পোচৰ বাবেও আৰক্ষীয়ে মাতিবলৈ সাহস কৰা নাই বুলি অভিযোগ উঠিছে। তেনেস্থলত অবৈধ কয়লা ক্ষেত্ৰৰ 'বিগ বছ' স্বৰূপ মাফিয়া বি গণেশৰ কাষ চপাটো যেন অসম্ভৱ কথা। ইতিমধ্যে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত ক'ল ইণ্ডিয়াৰ সহযোগত কয়লা খনিৰ সন্দেহযুক্ত স্থানত খনন চলোৱা প্ৰত্যক্ষ কৰা হয় যদিও অদ্যাপি প্ৰাঞ্জলৰ সুংসূত্ৰ ওলোৱা নাই। অৱশ্যে আৰক্ষী নিশ্চত যে প্ৰাঞ্জলৰ মৃত্যু ঘটিছে। কাৰণ খোদ গোচৰ ৰুজু কৰা ফৰ্মেটত প্ৰাঞ্জলৰ নামৰ আগত আৰক্ষীয়ে মৃত (লেট) শব্দটো ব্যৱহাৰ কৰিছে। ইফালে ঘটনাৰ ন্যায় বিচাৰি বিগত দুদিনে অহোৰাত্ৰ অসম মৰাণ সভা আৰু সদৌ মৰাণ ছাত্ৰ সন্থাই ৩৮ নং ৰাট্ৰীয় ঘাই পথত কয়লা পৰিবাহী ট্ৰাক অৱৰোধৰ কাৰ্যসূচী গ্ৰহণ কৰে যদিও উক্ত কাৰ্যসূচী কিমান দীঘলীয়া হয় তাৰ নিশ্চয়তা নাই।

No comments