Breaking News

উত্তৰ-পূৰ্বাঞ্চলৰ তিনি ৰাজ্যত নিৰ্বাচনৰ প্ৰাক্ ক্ষণত বৃহৎ পৰিমাণৰ কলা টকা জব্দ

 

উত্তৰ-পূৰ্বাঞ্চলৰ নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকা তিনি ৰাজ্যৰ আকাশে- বতাহে এতিয়া যেন টকা হে উৰিছে। নাগালেণ্ড,মেঘালয় আৰু ত্ৰিপুৰা এই তিনিওখন ৰাজ্যতে নিৰ্বাচনী প্ৰক্ৰিয়া চলি থকাৰ সময়তে ৰাজ্য কেইখনত জব্দ কৰা হৈছে প্ৰায় ১৭৪ কোটি টকা।নিৰ্বাচনী আয়োগে বৃহস্পতিবাৰে এই তথ্য সদৰী কৰে।আজিৰ পৰ্যন্ত ইয়াৰ পৰিমাণ আৰু বৃদ্ধি পোৱাটো প্ৰায় নিশ্চিত।এতিয়া উত্তৰ পূবৰ ৰাজ্য কেইখনত যেন নিৰ্বাচনী আচৰণ বিধিৰ উলংঘা কৰাৰ এক অঘোষিত প্ৰতিযোগিতাহে চলিছে। নাগালেণ্ডত আৰক্ষীয়ে শনিবাৰে জব্দ কৰিছে ৪৫.৩৮ লাখ টকা। ডিমাপুৰৰ বহুতো অঞ্চলৰ পৰা জব্দ কৰা হৈছে উক্ত ধনৰাশি।ৰাজ্যখনৰ মুখ্য নিৰ্বাচন বিষয়াই জনোৱা মতে নাগালেণ্ডত নগদ ৩৬ কোটি টকাৰ উপৰি ৪.২৬ কোটি টকাৰ বিলাতী সুৰা জব্দ কৰা হৈছে।নিৰ্বাচনী আচৰণবিধি বলৱৎ হৈ থকা মেঘালয়ত শনিবাৰে জব্দ কৰা হৈছে প্ৰায় ২৩ লাখ টকা। পশ্চিম গাৰো পাহাৰ জিলাৰ পৰা জব্দ কৰা হৈছে উক্ত ধনৰাশি।আনহাতে ৰাজ্যখনৰ পূব জয়ন্তীয়া পাহাৰ জিলাৰ পৰা শনিবাৰে ৬ কোটি টকা জব্দ কৰা হৈছে।নিৰ্বাচন আয়োগে শেহতীয়াভাৱে জব্দ কৰা নগদ ধনৰ পৰিমাণ ২০১৮ চনৰ জুলাইত জব্দ কৰা নগদ ধনতকৈ প্ৰায় ২০ গুণ বেছি।২০১৮ চনৰ বিধানসভা নিৰ্বাচত উক্ত তিনি ৰাজ্যত জব্দ হৈছিল প্ৰায় ৭.২৪ কোটি টকা।নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে ৰাজহুৱা কৰা তথ্য মতে ত্ৰিপুৰা,মেঘালয় আৰু নাগালেণ্ডৰ পৰা জব্দ কৰা হৈছে ১৪৭ কোটি টকা। উল্লেখযোগ্য যে ১৬ ফেব্ৰুৱাৰীত ভোটগ্ৰণ হৈ যায়। মেঘালয় আৰু ত্ৰিপুৰাৰ ভোটগ্ৰণ হ'ব ২৭ ফেব্ৰুৱাৰীত।কেৱল নগদ ধনৰ ক্ষেত্ৰতে নহয়,২০১৮ চনৰ তুলনাত এইবাৰ ড্ৰাগ্ আৰু সুৰাও প্ৰায় ২০ গুণ বেছিকৈ জব্দ হৈছে।নিৰ্বাচনী আচৰণবিধি বলৱৎ হোৱাৰ পৰা ত্ৰিপুৰাত ৩.১২ কিলোগ্ৰাম হেৰ'ইন,৫২ হাজাৰ য়াবা টেবলেট, নাগালেণ্ডত ৫.২৯ কিলোগ্ৰাম হেৰ'ইন, মেঘালয়ত ৩.৬২ কিলোগ্ৰাম হেৰ'ইন,৪,৫০০ কিলোগ্ৰাম গাঞ্জ,১৫০ গ্ৰাম অপিয়াম,১৮,৮৮০ টা য়াবা টেবলেট,১৪৫ বটল কফ্ চিৰাপ জব্দ কৰা হৈছে।এয়া মাত্ৰ নিৰ্বাচন আয়োগৰ তথ্যহে। বাস্তৱ ক্ষেত্ৰত ইয়াৰ পৰিমাণ হয়তো আৰু বহুগুণে অধিক হ'ব।

No comments