Breaking News

শিলনীজান শাখা কবি সন্মিলনৰ কাব্যানুষ্ঠান

ডিজিটেল সংবাদ,শিলনীজান : আজি ২৮/২/২০২৩ তাৰিখ মংগলবাৰে সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত শিলনীজান শাখা কবি সন্মিলনে প্ৰতিমাহে অনুষ্ঠিত কৰি অহা কবিতাৰ অনুষ্ঠানৰ চতুৰ্থটো কাব্যানুষ্ঠান অনুষ্ঠিত কৰে । খাকৰাজান প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা আজিৰ অনুষ্ঠানত সভাপতিত্ব কৰে শাখাৰ স্থায়ী সভাপতি শ্রীযুত নিৰ্মল সিং ডাঙৰীয়াই । আজি ২৮ ফেব্ৰুৱাৰি তাৰিখটো কাৰ্বি আংলং জিলাৰ প্ৰতিষ্ঠাপক সন্মানীয় ছেমচঙসিং ইংতি ডাঙৰীয়াৰ মৃত্যু দিৱস হোৱাৰ বাবে নিমন্ত্ৰিত অতিথি শ্ৰদ্ধাৰ নৰেন্দ্ৰনাথ হাজৰিকা ডাঙৰীয়াৰ দ্বাৰা বন্তি প্ৰজ্জ্বলন আৰু মাল্যাৰ্পণ কৰে । আজিৰ অনুষ্ঠানৰ আট ধৰে শাখাৰ সদস্য  খাকৰাজান মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক দিগন্ত শীলে । উক্ত অনুষ্ঠানত অলপতে অৱসৰ গ্ৰহণ কৰা শিক্ষক , সাহিত্য- সংস্কৃতিৰ লগত জড়িত ব্যক্তি শ্ৰদ্ধাৰ সুলভ হৰপাল ডাঙৰীয়াক সমিতিৰ তৰফৰ পৰা সন্মান জনোৱাৰ লগতে দিগন্ত শীল, তৰুণ পাল আৰু পুষ্পা শইকীয়া নেওগে সম্বৰ্দ্ধনা জনায় আৰু শিলনীজান শাখা সন্মিলনলৈ আদৰণী জনাই। প্ৰায় পোন্ধৰ জন কবিৰ কবিতা পাঠৰ অনুষ্ঠানটি সঞ্চালনা কৰে নৰেন্দ্ৰনাথ হাজৰিকা ডাঙৰীয়াই । ন-পুৰণি পঁইত্ৰিশ জন সদস্যৰ উপস্থিতিত আজিৰ অনুষ্ঠানটি সুন্দৰ আৰু সাফল্যমণ্ডিত কৰি তোলে । বৃহত্তৰ শিলনীজান , শান্তিপুৰ, খাকৰাজান অঞ্চলৰ লোক সকলে শাখা কবি সন্মিলনখনক এনেদৰে আদৰি লোৱাৰ বাবে সম্পাদিকা পৰিমিতা গোস্বামীৰ লগতে শাখাৰ সমূহ কৰ্মকৰ্তা বিপুল উৎসাহিত হৈছে । শাখাই ভৱিষ্যতে সদৌ অসম কবি সন্মিলনৰ হৈ কাম কৰি যাবলৈ সংকল্প বদ্ধ হৈছে ।

No comments