Breaking News

চি এছ্ আৰ্ ফাণ্ড ব্যৱহৃত হয় মধ্যভোগী-ৰাজনৈতিক ব্যক্তি-মিডিয়া মেনেজৰ নামত' খিলঞ্জীয়াৰ ভূমি-মানৱাধিকাৰ সুৰক্ষাৰ ওপৰত অনুষ্ঠিত উত্তৰ-পূৱ ভাৰতৰ সন্মিলনত অসমৰ প্ৰতিনিধি


ইম্ফলৰ পৰা ৰবীন মৰাণঃ অইল- অ' এণ্ড জি চিৰ (চি এছ্ আৰ্ ফাণ্ড) ব্যৱহৃত হয় মধ্যভোগী নেতা, ৰাজনৈতিক ব্যক্তি আৰু মিডিয়া মেনেজৰ নামত'। ইম্ফলৰ এখন সন্মিলনত এই মন্তব্য কৰে পৰিৱেশকৰ্মী নিৰন্তৰ গোহাঁইয়ে। খিলঞ্জীয়া লোকৰ ভূমি আৰু মানৱ অধিকাৰ সুৰক্ষাৰ ওপৰত মণিপুৰৰ চেণ্ট্ৰা ফ'ৰ ৰিছাৰ্ছ এণ্ড এডভ'কেচিৰ উদ্যোগত মণিপুৰৰ ইম্ফলত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উত্তৰ-পূৱ ভাৰতৰ সন্মিলনখনৰ আজি সফল সমাপ্তি ঘটে। ইম্ফলৰ খুমন লেম্পাকৰ য়ুথ হোষ্টেলত আয়োজিত  অভিবৰ্তনৰ প্ৰথম দিনাৰ প্ৰথম সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ আগ্ৰাসী উন্নয়নৰ  ওপৰত আলোচনা আগবঢ়ায় মণিপুৰৰ চেণ্ট্ৰা ফ'ৰ ৰিছাৰ্ছ এণ্ড এডভ'কেচিৰ সচিব জীতেন য়ুমনামে। খিলঞ্জীয়াৰ ভূমি আৰু  উত্তৰ-পূবাঞ্চলৰ শক্তি প্ৰকল্পৰ ওপৰত সামগ্ৰিক বক্তব্য ৰাখে ছিকিমৰ 'এফেক্টটেড চিটিজেন ফৰ টিষ্টা'ৰ আহ্বায়ক গ্যাষ্ট' লেপছাই। মেঘালয়ৰ খনি উদ্যোগৰ ওপৰত বক্তব্য ৰাখে মেঘালয়ৰ চি এছ ডব্লিউ অ'ৰ মুৰব্বী তথা প্ৰখ্যাত পৰিৱেশ আৰু মানৱাধিকাৰ কৰ্মী এগনেছ খাৰছিঙে। আৰু  উত্তৰ-পূৰ্বাঞ্চল জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় তথ্যগধুৰ আলোচনা আগবঢ়ায় 'নিডছ'ৰ সঞ্চালক অসমৰ তীৰ্থ প্ৰসাদ শইকীয়াই। সন্মিলনখন সঞ্চালনা কৰে জোছেফ ম'ৰে।
          আজিৰ দ্বিতীয় সন্মিলনৰ আৰম্ভণিতে 'দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যান, অবৈধ কয়লা খনন, শ্ৰমিকৰ মৃত্যু, তেল অন্বেষণ, পাইপ লাইন স্থাপন, প্ৰদূষণ আদি বিষয়বস্তুৰ ওপৰত তথ্যসম্বলিত আলোচনা আগবঢ়ায় পেঙেৰীৰ সাংবাদিক  ৰবীন মৰাণে। অসমৰ বাঘজান তেল বিস্ফোৰণৰ আদ্যোপান্ত বিৱৰি কয় বাঘজান কাণ্ডৰ ক্ষতিপূৰণৰ বিষয়টো সৰ্বোচ্চ ন্যায়ালয়লৈ লৈ যোৱা আৰু ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লাইকা-দধীয়াবাসীৰ পুনঃসংস্থাপনৰ দাবীদাৰ অসমৰ অন্যতম বিশিষ্ট পৰিৱেশকৰ্মী নিৰন্ত গোহাঁইয়ে। অসমৰ কেউটা বিষয়েই সন্মিলনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ পোষকতা কৰে। সন্মিলনখন সঞ্চালনা কৰে এগনেছ খাৰছাঙে। 
            গ্যেষ্ট' লেপছাই সঞ্চালনা কৰা আজিৰ তৃতীয় সন্মিলনত দিবাং অঞ্চলত নদী বান নিৰ্মাণ আৰু প্ৰতিৰোধ বিষয়বস্তুৰ ওপৰত অনলাইনৰ জৰিয়তে বক্তব্য ৰাখে অৰুণাচলৰ ভানু টাটকে। তৈল অন্বেষণ প্ৰতিৰোধ সন্দৰ্ভত আলোচনা আগবঢ়ায় মাজাবাং গেংমেই। শেষত উত্তৰ-পূৰ্বাঞ্চলত পাম অইল আগ্ৰাসন সন্দৰ্ভত বক্তব্য প্ৰদান কৰে য়ুথ ফৰাম ফ'ৰ প্ৰটেকচন অব হিউমেন ৰাইটছৰ জনৈক নেতাই। মুকলি প্ৰশ্নোত্তৰ অনুষ্ঠানেৰে প্ৰথম দিনাৰ অনুষ্ঠানৰ সামৰণি পৰে। প্ৰশ্নোত্তৰ শিতানত এগৰাকী ব্যক্তিয়ে তেল অন্বেষণৰ ফলত খিলঞ্জীয়াৰ লাভালাভ কি বুলি সোধা প্ৰশ্নৰ উত্তৰত অসমৰ প্ৰতিনিধিৰ দ্বাৰা কোৱা হয় যে অইল ইণ্ডিয়া লিমিটেড কিম্বা অ' এণ্ড জি চিৰ 'চিৰ লাভালাভৰ পৰা প্ৰদান কৰিব লগা চি এছ্ আৰ্' ফাণ্ডৰ টকা খিলঞ্জীয়াৰ উন্নয়নৰ বিপৰীতে ব্যৱহাৰ কৰা হয় একাংশ মধ্যভোগীক মেনেজৰ নামত। উদ্যোক্তা জীতেন য়ুমনামে আঁ‌ত ধৰা অন্তিম কাৰ্যসূচীত জন কামেই, বৈকু কৈৰেং, থেমছন জাজ', গুনৰেই কামেই, তীৰ্থ প্ৰসাদ শইকীয়া, নিয়ন্ত গোহাঁই, ৰবীন মৰাণ, এগ্নেছ খাৰছিং, গ্যেষ্ট' লেপছাই নিজৰ নিজৰ বিষয়বস্তুৰ ওপৰত পৰ্যালোচনা আগবঢ়ায়। অনুষ্ঠানৰ শেষত দুদিনীয়া কাৰ্যসূচীৰ আলোচনা সমূহৰ পৰা প্ৰস্তুত কৰা মৰ্মাৰ্থ সমূহৰ সিদ্ধান্ত সমূহ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ লৈ যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

No comments