Breaking News

অসমৰ নুনি পাট উজলিল পেৰিছৰ ফেশ্বন উইকত

‘বিশ্বৰ ভিতৰত আটাইতকৈ সন্মানীয় চাৰিটা ফেশ্বন উইকৰ ভিতৰত অন্যতম  পেৰিছ ফেশন উইক ২০২৩ ত ব্যাপক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে ভাৰতীয় ফেশ্বন ডিজাইনাৰ অসমৰ সুযোগ্যা কন্যা সংযুক্তা দত্তৰ নৱতম ফেশ্বন সম্ভাৰৰ শ্ব ’‘চিকি-মিকি’য়ে। শুকুৰবাৰে সন্ধিয়াৰ কিছু সময় পেৰিছৰ লে চেলুন ডেছ মিৰ ইছৰ ৰেম্প সমুজ্জল হৈ পৰিল সংযুক্তা দত্তৰ ফেশ্বনৰ যাদুকৰী সৃষ্টিৰ প্ৰদৰ্শনেৰে। পেচিত প্রদর্শিত এই “চিকি-মিকি' ফেশ্বন শ্ব'ত পাট- মূগাত নতুন ডিজাইনৰ সংমিশ্ৰণেৰে এগৰাকী নাৰীৰ সৌন্দৰ্যক পুনৰ নতুনকৈ উজলাই তোলাৰ প্ৰয়াস কৰিছে আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা ডিজাইনাৰ সংযুক্তা দত্তই। কেৱল অসমত উপলব্ধ বিৰল আৰু উচ্চমানৰ মূগা আৰু পাটৰ কাপোৰৰ ওপৰত বৰ্ণিল সমাহিত ৰঙৰ সতেজ মিশ্রণ তুলি ধৰিছে ডিজাইনাৰ সংযুক্তা দত্তই। পেৰিচত শ্ব’টোত প্ৰদৰ্শিত সংযুক্তা দত্তৰ প্ৰতিযোৰ পোচাকেই সুনিপুণ হাতেৰে প্ৰস্তুত কৰা অনুপম সৌন্দৰ্যৰে ভৰপূৰ বুলি প্ৰশংসা বুলিবলৈ সক্ষম হৈছে। মনকৰিবলগীয়া দিশটো হ'ল যে- হস্ত কৌশলেৰে প্ৰস্তুত এনে এযোৰ পোছাক সাজু কৰি তুলিবলৈ ফেশ্বন ডিজাইনাৰ গৰাকীক ২৫ দিন সময়ৰ প্রয়োজন হৈছিল। সংযুক্তাৰ এই উচ্চ মানৰ ফেশ্ব্যন ডিজাইনে ভাৰতীয় হস্ততাঁত শিল্পৰ জয় যাত্রা অব্যাহত ৰখাৰ লগতে জীৱনৰ প্ৰতিটো দিশতে মহিলাসকলৰ বাবে সমসাময়িক পৰম্পৰাগত ফেশ্বনৰ সংমিশ্ৰণ নিশ্চিত কৰে। পেৰিচত ফেশন ডিজাইনাৰ গৰাকীৰ অনুষ্ঠান উপভোগ কৰি পেৰিচৰ ভাৰতীয় দূতাবাসৰ প্ৰথম সচিব দেবাশিষ চক্ৰৱৰ্তীয়ে সংযুক্তাৰ পোচাক সমূহৰ ভূয়সী প্রশংসা কৰাৰ লগতে তেওঁৰ কামে দেশখনক গৌৰৱান্বিত কৰা বুলি মত প্ৰকাশ কৰে। পেৰিচৰ ফেশ্বন শ্ব'ত অংশগ্ৰহণৰ পাছত ডিজাইনাৰ সংযুক্তা দত্তই মন্তব্য কৰে— ‘কেতিয়াবা ভগৱানৰ উপহাৰবোৰ আমাৰ আটাইতকৈ ডাঙৰ সপোনটোতকৈয়ো ওপৰত । বিশ্বৰ মানচিত্ৰত অসমৰ হস্ততাঁত শিল্পৰ বস্ত্ৰৰ প্ৰদৰ্শনৰ বিৰল সুযোগ প্রাপ্তিৰে মই আৰু মোৰ হস্ততাঁত শিল্পী সকলে নিজকে সৌভাগ্যবান বুলি বিবেচনা কৰিছো। বিশ্বমানৰ এনে মঞ্চত এক স্থানীয় ফেশ্বন আহি পোৱাটোও মোৰ বাবে এক বিৰল প্ৰাপ্তি।'ভাৰতৰ বিখ্যাত ফেশ্বন শ্ব’বোৰৰ উপৰিও লেকমে ফেশ্বন উইক, এফডিচিআই, লণ্ডন ফেশ্বন শ্ব' আদি বিশ্বৰ আগশাৰীৰ ফেশ্বন শ্ব'ত অংশগ্রহণেৰে নিজৰ সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তই। ২০২২ বৰ্ষতো অসম গৌৰৱ ফেশ্বন ডিজাইনাৰ গৰাকীয়ে ফেশ্বন ডিজাইনাৰ সকলৰ বাবে বিশ্বৰ সৰ্ববৃহৎ ফেশ্বন প্লেটফৰ্ম বুলি বিবেচিত নিউয়র্ক ফেশ্বন উইকতো নিজৰ পোচাকৰ যাদুৰে সমাদৰ লভিবলৈ সক্ষম হৈছিল। এই শ্ব'টোত উপস্থিত থকা বিশ্বৰ আগশাৰীৰ ফেশ্বন বিশেষজ্ঞৰ প্ৰশংসা বোটলাৰ লগতে সংযুক্তা দত্তই আগশাৰীৰ বাতৰি কাকত আৰু আলোচনীতো স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও কা ফিল্ম মহোৎসৱতো বহু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন মডেলে সংযুক্তা দত্তৰ ডিজাইনৰ পোচাক পৰিধান কৰি ৰেড কার্পেটত খোজ দিছে। পেৰিচত প্ৰদৰ্শিত ‘চিকি-মিকি' সম্ভাৰৰ বিষয়ে : -সংযুক্তা দত্তৰ নতুন ফেশনৰ বস্ত্ৰ সম্ভাৰৰ ‘চিকি-মিকি' নামকৰণৰ জৰিয়তে প্রস্ফুতিত আৰু উজ্জ্বল হৈ থকাটো আন্তঃৰাষ্ট্ৰীয় ফেশ্বন দর্শকক বুজাব খোজা হৈছে বুলি ডিজাইনাৰ গৰাকীয়ে সদৰি কৰিছে। এই নৱতম ফেশ্বনৰ বস্ত্ৰ সম্ভাৰে বসন্ত ঋতুৰ সজীৱ ৰং আৰু উৎসৱমুখৰতাক প্ৰতিফলিত কৰিছে। ইয়াত আছেনাৰীৰ সমসাময়িক বস্ত্ৰ সংগ্ৰহৰ বৰপেৰাৰ সোঁৱাদেৰে অসমৰ থলুৱা সংস্কৃতিৰে সংপৃক্ত এক উত্তম সোঁৱাদ। সংযুক্তাৰ এই ‘চিকিমিকি’ ফেশ্বন সম্ভাৰে অসমীয়া পাটৰ কাপোৰৰ শোভাৰ জৰিয়তে আধুনিক আৰু ফেশ্বনযুক্ত আবেদনৰে নিজক তুলি ধৰিব খোজা সৌন্দর্যপ্রিয় সকলৰ বাবে এক সু-খবৰ কঢ়িয়াই আনিছে।আন্তঃৰাষ্ট্ৰীয় ফেশ্বন জগতত নিজৰ সবল খোজেৰে অসমৰ নাম উজলোৱা সংযুক্তা দত্তৰ পেৰিচত প্রদর্শিত এই 'চিকি-মিকি'ৰ বস্ত্ৰ সম্ভাৰে ভাৰতীয় পৰম্পৰাগত সাজ-পোচাকক সময়োপযোগী ৰূপত আন্তঃৰাষ্ট্ৰীয় মঞ্চত এক অন্য মাত্ৰা প্ৰদান কৰিব আশাৰ সঞ্চাৰ হৈছে। 

No comments