Breaking News

সংকটত অসমৰ একমাত্ৰ চাহ গৱেষণা প্ৰতিষ্ঠান টোকোলাই



অসমৰ চাহ শিল্পলৈ যোৱা ১১২ বছৰে নিৰবছিন্নভাবে অৱদান আগবঢ়াই অহা আৰু চাহ শিল্প উদ্যোগতোক শক্তিশালী কৰি তোলা টোকোলাই চাহ গৱেষণা কেন্দ্ৰ বৰ্তমান সন্মুখীন হৈছে এক গভীৰ সংকটৰ।১৯১১ চনত ব্ৰিটিছ চাহ খেতিয়কৰ পৃষঠপোষকতাত তথা ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বেংগল চৰকাৰৰ আৰ্থিক সাহায্যত ভাৰতীয় চাহ সংস্থাই স্থাপন কৰা বিশ্ব বিখ্যাত টোকোলাই চাহ গৱেষণা কেন্দ্ৰই চাহ গছৰ বিভিন্ন জাত, কটিং, ক্ল'ন,আদি উদ্ভাৱন কৰাৰ লগতে মাটিৰ গুণাগুণ নিৰূপণ,পোক-পতংগ নিবাৰণ কৌশল,জল নিষ্কাষণ,কলঘৰৰ বিভিন্ন সঁজুলি নিৰ্মাণ আদি ন ন কৌশল উদ্ভাৱনেৰে চাহ শিল্পলৈ অৱদান যোগাই আহিছে। কিন্তু সম্প্ৰতি তীব্ৰ আৰ্থিক নাটনিয়ে এই গৱেষণা প্ৰতিষ্ঠানটোক মৃত্যুৰ মুখলৈ ঠেলি দিছে।১৯৬৪  চনৰ পৰা ১৯৮৯ চনলৈকৈ চিএছ‌আইআৰৰ পৰা আৰ্থিক সাহায্য লাভ কৰি আহিছিল প্ৰতিষ্ঠানখনে। টোকোলাইত সৰহ সংখ্যক বৈজ্ঞানিক উদ্ভাৱনো কৰা হৈছিল এই সময়খিনিতেই।১১৯০ চনৰ পৰা ভাৰত চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ভাৰতীয় চাহ ব'ৰ্ডৰ জৰিয়তে বাৰ্ষিক বাজেটৰ ৪৯% ধন দিবলৈ সিদ্ধান্ত কৰে।কিন্তু এই পুঁজিৰ অনিয়মীয়া যোগান তথা সদস্যভুক্ত বাগিছা আৰু চাহ কোম্পানীবিলাকৰ অনিয়মীয়া বাৰ্ষিক বৰঙণিৰ ফলত দিনক দিন চাহ গৱেষণাগাৰৰ কাম-কাজ সংকুচিত হৈ আহিছে।বৰ্তমান টোকোলাই আৰু ইয়াৰ উপ-কেন্দ্ৰসমূহৰ মুঠ কৰ্মচাৰীৰ সংখ্যা মাত্ৰ ১৩৬ জন।অথচ ১৯৯০ চনলৈকে ইয়াৰ সংখ্যা আছিল প্ৰায় ৫০০ জন। বৰ্তমান কৰ্মচাৰীৰ অভাৱত বহুতো বিভাগ বন্ধ হৈ আছে। অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ বিপৰীতে কোনো নতুন কৰ্মচাৰী নিয়োগ কৰা হোৱা নাই। অৱসৰপ্ৰাপ্ত আৰু কৰ্মৰত কৰ্মচাৰীসকলক দিবলগীয়া বকেয়া ধনৰ পৰিমাণ প্ৰায় ২৫ কোটি টকাৰো অধিক হৈছেগৈ।টোকোলাইৰ এই শোচনীয় অৱস্থাৰ কথা অৱগত কৰাৰ উদ্দেশ্যে টোকোলাই এমপ্লয়িজ ইউনিয়ন, টোকোলাই অফিচাৰ্ছ এছ'চিয়েচন আৰু টোকোলাই অৱসৰপ্ৰাপ্ত কৰ্মচাৰী ইউনিয়নে যোৱা ১৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীক যোৰহাটৰ আৱৰ্ত ভৱনত সাক্ষাৎ কৰে। ইয়াৰ পাছতেই অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সচিবৰ উদ্যোগত তথা অসম চৰকাৰৰ মুখ্য সচিবৰ অধ্যক্ষতাত অহা ৪ মাৰ্চৰ বিয়লি ৩ বজাত এখন উচ্চস্তৰীয় বৈঠক আহ্বান কৰা বুলি জানিব পৰা গৈছে।এই সভাই টোকোলাইক পুনৰ উজ্জীৱিত তথা কাৰ্যক্ষম কৰি তোলাৰ পথ মুকলি কৰিব বুলি টোকোলাইৰ সমূহ বিষয়া-কৰ্মচাৰীসকলে আশাৰে বাট চাইছে।

No comments