Breaking News

আদানি সাম্ৰাজ্যৰ পতন কিয়? অনুসন্ধানৰ বাবে উচ্চতম ন্যায়ালয়ে গঠন কৰিলে বিশেষজ্ঞ সমিতি

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অতি‌ অন্তৰংগ গুজৰাটৰ উদ্যোগপতি গৌতম আদানিৰ ষ্টক জালিয়াতি তথা পতনৰ বিতং অনুসন্ধান কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ে এখন ৬ জনীয়া বিশেষজ্ঞ কমিটী গঠন কৰি দিয়ে।হিণ্ডেনবাৰ্গ ৰিপৰ্টৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত দাখিল হোৱা ৰাজহুৱা  স্বাৰ্থ জড়িত আবেদনৰ সন্দৰ্ভত শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে আদানি সাম্ৰাজ্যৰ পতন সন্দৰ্ভত অনুসন্ধান কৰিবলৈ উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ এ এম চাপৰে কেভি কামাথ, নন্দন নিলকাৰ্নী,এছ কে সুন্দৰম,অ পি ভাট আৰু জে পি দেৱদত্তকলৈ এখন ছয়জনীয়া সমিতি গঠন কৰি দিছে। উচ্চতম ন্যায়ালয়ে লগতে কেন্দ্ৰীয় চৰকাৰ,‌ফাইনেঞ্চিয়েল বডি আৰু ছেবিক এই পেনেলক সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিয়ে। দুমাহৰ ভিতৰত পেনেলে উচ্চতম ন্যায়ালয়ত প্ৰতিবেদন দাখিল কৰিব লাগিব। উল্লেখ্য যে, আমেৰিকাৰ শ্বৰ্ট চেল কোম্পানী হিণ্ডেনবাৰ্গ ৰিচাৰ্ছে আদানি গোষ্ঠীয়ে প্ৰতাৰণাৰ জৰিয়তে ভাৰতীয় শ্বেয়াৰ বজাৰত প্ৰভাৱ বিস্তাৰ কৰি ধন লুটি থকা বুলি প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতে আদানি গোষ্ঠীৰ ব্যাপক স্খলন আৰম্ভ হয়।ষ্টকৰ পতন ঘটি বৰ্তমানলৈকে ১২ লাখ কোটি টকাৰ লোকচানৰ সন্মুখীন হয় আদানি গ্ৰুপ। উচ্চতম ন্যায়ালয়ে গঠন কৰা পেনেলক আদৰণি জনাই‌ 'সত্যৰ সদায় জয়' বুলি মন্তব্য কৰে উদ্যোগপতি গৌতম আদানিয়ে। 

No comments