Breaking News

স্বসৃষ্ট দেশৰ প্ৰতিনিধি বিজয়াপ্রিয়াই তোলপাৰ লগালে ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘৰ জেনেভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈছে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰক লৈ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলন, য'ত ৰাষ্ট্ৰসংঘৰ অধীনৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে ভাগ লৈছে আৰু নিজৰ সপক্ষে ভাষণ প্ৰদান কৰিছে। সেই সন্মিলনত এগৰাকী মহিলাই প্ৰদান কৰা ভাষণে সকলোকে কৌতুহলী কৰি তোলে। যুৱতীগৰাকীৰ মূৰৰ চুলিত জটা। সোঁবাহুত এজন ধৰ্মগুৰুৰ মুখাৱয়বৰ টাটু।ডিঙিত এডাল ৰুদ্ৰাক্ষৰ মালাৰ লগত ওজনদাৰ সোণৰ অলংকাৰ। পৰিধান কৰিছে এখন গেৰুৱা ৰঙৰ শাৰী। তেওঁ  ইংৰাজীত য'তি নপৰাকৈ বক্তৃতা প্ৰদান কৰিছে আৰু উপস্থিত সকলোৱে কৌতুহলী হৈ শুনিছে। কোন এই সুন্দৰী যুৱতী? বেশভূষা আৰু বক্তব্যৰ দিশৰ পৰা স্বাভাৱিকতেই এই যুৱতী কৌতুহলৰ কাৰণ।সেয়া যোৱা ২৪ ফেব্ৰুৱাৰীৰ ঘটনা। ৰাষ্ট্ৰসংঘৰ জেনেভাস্থিত মুখ্য কাৰ্যালয়ৰ এই  আন্তঃৰাষ্ট্ৰীয় সন্মিলনখনৰ বিভিন্ন প্ৰতিনিধিৰ ফটোৰ লগতে এই সুন্দৰী তৰুণীৰ ফটোও প্ৰকাশ পোৱাৰ পাছত সৃষ্টি হোৱা কৌতুহলৰ অৱসান ঘটালে 'ইউনাইটেড ষ্টেটছ অব কৈলাশ' নামৰ নৱগঠিত বুলি দাবী কৰা দেশখনৰ টুইটাৰ একাউণ্টে। সেই একাউণ্টৰ দাবী অনুসৰি সুন্দৰী যুৱতীগৰাকীৰ নাম বিজয়াপ্রিয়া নিত্যানন্দ । তেওঁ কৈলাশ নামৰ নতুন দেশখনৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্রতিনিধি । পিছে এই কৈলাশ নামৰ দেশখন ক'ত আৰু কোনে প্রতিষ্ঠা কৰিলে সেই লৈ অনুসন্ধান আগবাঢ়োতেই ওলাল আন এক কলংকিত অধ্যায়। সেই অধ্যায়ৰ খলনায়ক হৈছে নিত্যানন্দ নামৰ এজন ভাৰতীয় স্বঘোষিত ধর্মগুৰু। যিজন ধর্মগুৰুৱে সুন্দৰী ভক্তক ধৰ্ষণ কৰাৰ গোচৰত জড়িত হৈ ২০১৮ চনত ভাৰত এৰি পলায়ন কৰিছিল আৰু কৈলাশ নামৰ এখন দেশ প্ৰতিষ্ঠা কৰা বুলি তেতিয়াই দাবী কৰিছিল। নিত্যানন্দ নামৰ সেই ধৰ্মগুৰজনৰ সৈতে দক্ষিণৰ সুন্দৰী অভিনেত্ৰী ৰঞ্জিতাৰ বেডৰুমৰ ভিডিঅ' চেন্নাইৰ 'দ্য ছান' টিভিয়ে সম্প্ৰচাৰ কৰোতে দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল। দক্ষিণৰ সুন্দৰী আৰু গ্লেমাৰাছ অভিনেত্রী স্বল্পবসনা ৰঞ্জিতাৰ সৈতে শৰীৰত প্ৰায় কাপোৰ নোহোৱাকৈ অন্তৰংগ অৱস্থাত থকা সাধু নিত্যানন্দৰ ভিডিঅ ই ৰসৰ খোৰাকো যোগাইছিল। পিছে দেশ এৰি পলায়ন কৰা সেই সাধু নিত্যানন্দই সঁচাকৈয়ে যে তেওঁ দাবী কৰাৰ দৰে ইউনাইটেড ষ্টেটছ অৱ কৈলাশ নামৰ এখন দেশ প্রতিষ্ঠা কৰিছে সেয়া বিজয়াপ্ৰিয়াৰ ৰাষ্ট্ৰসংঘত প্ৰতিনিধিত্ব কৰাৰ ফটো আৰু ভাষণৰ ভিডিঅ' প্ৰকাশ নোহোৱালৈকে অনেকেই বিশ্বাস কৰিব পৰা নাছিল। কৈলাশ ৰাষ্ট্ৰৰ চৰকাৰী টুইটাৰ একাউণ্টত বিজয়াপ্রিয়া ৰাষ্ট্ৰসংঘত দিয়া ভাষণ প্ৰচাৰ হোৱাৰ পাছতে বিভিন্ন ঠাইত, ঘাইকৈ ভাৰতত তোলপাৰৰ সৃষ্টি হৈছে। সেই টুইটাৰ একাউণ্টত জনোৱা হৈছে বিজয়াপ্রিয়া নিত্যানন্দ কৈলাশ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্রতিনিধি। ৰাষ্ট্ৰসংঘত অনুষ্ঠিত উক্ত সম্মিলনত তেওঁ কৈলাশ নামৰ নতুন দেশখনক প্ৰতিনিধিত্ব কৰিছিল। তেওঁৰ সৈতে আৰু পাঁচগৰাকী কৈলাশ দেশৰ প্ৰতিনিধিয়ে সেই সন্মিলনত ভাগ লৈছিল। তেওঁলোক হৈছে ছেইন্ট লুইছৰ কৈলাশৰ মুখ্য প্রতিনিধি সোনা কামাথ, ফ্ৰান্সৰ মুখ্য প্রতিনিধি নিত্যা ভেংকটসানন্দা, ব্ৰিটেইনৰ মুখ্য প্রতিনিধি আত্মাদায়কী, শ্লাভেনিয়াৰ কৈলাশৰ মুখ্য প্রতিনিধি মা প্রিয়ম্পৰা নিত্যানন্দ। তেওঁলোকে দেশখনৰ মুৰব্বী ভাৰতৰ পৰা পলাতক নিত্যানন্দৰ এখন 'কাটআউট' লৈ ৰাষ্ট্ৰসংঘৰ সন্মিলনত কৈলাশক প্রতিনিধিত্ব কৰা বুলি টুইটাৰত কোৱা হৈছে। টুইটাৰত ৰাষ্ট্ৰসংঘত বিজয়াপ্রিয়াই প্ৰদান কৰা ভাষণো সংলগ্ন কৰা হৈছে। সেই ভাষণত বিজয়াপ্রিয়াই দাবী কৰিছে নিত্যানন্দই ইতিমধ্যে কৈলাশ নামৰ এখন হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰিছে। সকলো হিন্দুৰ বসবাসৰ বাবে সেই ৰাষ্ট্ৰৰ দুৱাৰ খোলা। কৈলাশ ৰাষ্ট্ৰই ভাৰতক যথাযোগ্য সন্মান আৰু শ্রদ্ধা কৰে। একাংশ হিন্দু বিৰোধীৰ উৎপাতত গুরু নিত্যানন্দই ভাৰত এৰি আঁতৰি যাবলগীয়া হৈছে। ৰাষ্ট্ৰসংঘত দিয়া ভাষণত বিজয়াপ্রিয়াই সেই হিন্দু বিৰোধীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভাৰতক আহ্বান জনায় । বিজয়াপ্রিয়া সন্দৰ্ভত প্রকাশিত তথ্য অনুসৰি তেওঁ কৈলাশ ৰাষ্ট্ৰৰ ৰাষ্ট্ৰসংঘৰ স্থায়ী প্রতিনিধি হ'লেও আমেৰিকাৰ বাসিন্দা। তেওঁ কানাডাৰ মানিট'বা বিশ্ববিদ্যালয়ৰ পৰা ২০১৪ চনত মাইক্ৰ'বায়লজীৰ ডিগ্রী লৈছিল। তেওঁ ইংৰাজী, ফৰাচী, ক্রেওল, পিডজিনছ ভাষা সলসলীয়াকৈ ক'ব পাৰে। বিজয়াপ্রিয়াই কৈলাশ ৰাষ্ট্ৰৰ কূটনীতিবিদৰ গুৰু দায়িত্ব বহন কৰে। উল্লেখ্য কৈলাশ নামৰ এই ৰাষ্ট্ৰখন ইকুৱেডৰৰ পৰা কিনি লোৱা এটা সৰু দ্বীপ ৷ এগৰাকী মার্কিন সুন্দৰীক বলাৎকাৰ কৰা আৰু চেন্নাইৰ এটা পৰিয়ালৰ দুগৰাকী কিশোৰীক অপহৰণ কৰি বলাৎকাৰ কৰাৰ গোচৰত জড়িত হৈ পৰিছিল স্বামী নিত্যানন্দ নামৰ স্বঘোষিত ধৰ্মগুৰুজন। বিশ্বৰ বিভিন্ন স্থানত শাখা থকা আৰু অসংখ্য অনুগামী তথা ভক্ত থকা নিত্যানন্দৰ মূল আশ্ৰম আছিল তামিলনাডুৰ টিকভান্নামালাইত। অভিনেত্ৰী ৰঞ্জিতাৰ সৈতে ঘনিষ্ঠ মুহূৰ্তৰ ভিডিঅ'ই ধৰ্মগুৰুৰ মহিমা কমোৱাৰ পাছতে বৰ্ষণৰ গোচৰত গ্ৰেপ্তাৰ নিশ্চিত হোৱাত নিত্যানন্দই ইকুৰেডবন নামৰ  উক্ত দ্বীপটোলৈ গোপনে পলায়ন কৰে। সম্ভৱতঃ বহু ধনৰ গৰাকী নিত্যানন্দই আগতীয়াকৈ এই দ্বীপ ক্ৰয় কৰি ৰাখিছিল। ভাৰতৰ পৰা পলায়ন কৰি তেওঁ সেই দ্বীপত আশ্রয় লয় আৰু দ্বীপটোক কৈলাশ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰে। পৰৱৰ্তী সময়ত তেওঁ ৰিজার্ভ বেংক স্থাপন কৰি কৈলাশত মুদ্রাও প্রচলন কৰে। সেই কৈলাশৰ পৰাই ৰাষ্ট্ৰসংঘলৈ প্রতিনিধি যোৱাত স্বাভাৱিকতে আলোড়নৰ সৃষ্টি হৈছে। কিয়নো সকলো প্রতিনিধিয়ে ৰাষ্ট্ৰসংঘৰ সন্মিলনত তেওঁলোকে কৈলাশ নামৰ দেশখনক প্ৰতিনিধিত্ব কৰা বুলি বক্তব্য উপস্থাপন কৰিছিল। পিছে ৰাষ্ট্ৰসংঘই জনোৱা অনুসৰি তেওঁলোকে কৈলাশ নামৰ কোনো ৰাষ্ট্ৰক স্বীকৃতি দিয়া নাই। যি কেইগৰাকী প্ৰতিনিধিয়ে উক্ত সম্মিলনত ভাগ লৈছিল তেওঁলোকে এটা এনজিঅ'কহে প্রতিনিধিত্ব কৰিছিল। ৰাষ্ট্ৰসংঘত প্রদান কৰা তেওঁলোকৰ বক্তৃতাৰ চূড়ান্ত খচৰাত সেই বক্তব্য নাথাকে।

No comments