Breaking News

চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে আৰু এখোজ।



বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে ভাৰত চৰকাৰে দাখিল কৰিলে মনোনয়ন। মনোনয়নৰ মূল্যায়ন কৰিব আন্তঃৰাষ্ট্ৰীয় কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে । 

উল্লেখ্য যে ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মনোনয়নত চৰাইদেউ মৈদামে স্থান লাভ কৰাৰ ক্ষেত্ৰত ইউনেস্ক' সচিবালয়ৰ সকলো কাৰিকৰী প্ৰয়োজনীয়তা পূৰণ কৰিবলৈ সমৰ্থ হৈছে। পৰৱৰ্তী সময়ত এই মনোনয়ন পত্ৰ আন্তৰ্জাতিক কীৰ্তিচিহ্ন আৰু স্থান পৰিষদে পুনৰীক্ষণ কৰিব। 



আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ আপুৰুগীয়া ঐতিহ্যৰ মনোনয়ন ইউনেস্ক'ৰ বিশ্ব ঐতিহ্য কেন্দ্ৰলৈ প্ৰেৰণত গ্ৰহণ কৰা সিদ্ধান্তৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই। 

No comments