Breaking News

ছোনিয়া গান্ধী অসুস্থঃ দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি



অসুস্থ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী। ৭৬ বছৰীয়া কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ছোনিয়া গান্ধীক বৃহস্পতিবাৰে আবেলি জ্বৰত আক্ৰান্ত হোৱাত ততাতৈয়াকৈ দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। চিকিৎসালয়খনে এক বিবৃতিত কয়, যে "নেত্ৰীগৰাকীৰ পৰ্যৱেক্ষণ আৰু চিকিৎসা অব্যাহত আছে। 

যদিও জ্বৰৰ কাৰণ অজ্ঞাত, বৰ্তমান অৱস্থা সুস্থিৰ। চিকিৎসক আৰু চেষ্ট মেডিচিনৰ জ্যেষ্ঠ পৰামৰ্শদাতা ডাঃ অৰূপ বসুৰ তত্বাৱধানত অব্যাহত আছে চিকিৎসা। বৰ্তমান কথা পাতি থকাৰ লগতে খোৱা-বোৱা কৰিব পাৰিছে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। 

ছাৰ গংগা ৰাম চিকিৎসালয়ৰ ট্ৰাষ্ট চছাইটিৰ অধ্যক্ষ ডি এছ ৰাণাই কয় যে গান্ধীক "জ্বৰৰ বাবে" চেষ্ট মেডিচিন বিভাগৰ জ্যেষ্ঠ পৰামৰ্শদাতা অৰূপ বসু আৰু তেওঁৰ দলৰ তত্বাৱধানত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

No comments