Breaking News

অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত অসমৰ বিদূষী মহিলা অন্নদা গোহাঁইৰ নামেৰে নামাকৰণ থিয়েটাৰ প্ৰেক্ষাগৃহ


অষ্ট্ৰেলিয়াৰ বিশ্ববিদ্যালয়ত “অন্নদা গোহাঁই থিয়েটাৰ'। প্ৰত্যেকজন অসমীয়াৰ বাবে এয়া অতি আনন্দ তথা গৌৰৱৰ খবৰ। ব'হাগৰ বতৰত অসমৰ ৰাইজক এই ভাল লগা খবৰ জনোৱা হৈছে অষ্ট্ৰেলিয়াৰ বিশ্বখ্যাত বিশ্ববিদ্যালয় 'দ্য ইউনিভাৰছিটী অৱ নিউ ছাউথ ৱেলছ'ৰ তৰফৰ পৰা। উল্লেখ্য যে, অন্নদা গোহাঁই অসমৰ এগৰাকী আগশাৰীৰ বিদূষী মহিলা। ১৯৮৭ চনত অসম চৰকাৰৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালকৰূপে অৱসৰ লোৱা অন্নদা গোহাঁইৰ মৃত্যু হয় ২০১১ চনত । এইগৰাকী বিদূষী অসমীয়া মহিলাৰ নামেৰে অষ্টেলিয়াৰ বিশ্ববিখ্যাত ‘দ্য ইউনিভাৰছিটী অৱ নিউ ছাউথ ৱেলছ'ৰ এটা থিয়েটাৰৰ নামকৰণ কৰা হৈছে। এতিয়াৰে পৰা সংশ্লিষ্ট প্রেক্ষাগৃহটো অন্নদা গোহাঁই থিয়েটাৰৰূপে পৰিচিত হ'ব। এই বিৰল সন্মান লাভ কৰা অন্নদা গোঁহাই প্ৰথমগৰাকী অসমীয়া মহিলা। ‘দ্য ইউনিভাৰছিটী অৱ নিউ ছাউথ ৱেলছ'ৰ লেক্সাৰ থিয়েটাৰ G60ৰ নতুন নাম হ'ব অন্নদা গোঁহাই থিয়েটাৰ। বিশ্ববিখ্যাত বিশ্ববিদ্যালয়খনে ১৭টা ভৱন-থিয়েটাৰ- প্ৰেক্ষাগৃহৰ নাম সলনি কৰি বিশ্বৰ বিভিন্ন প্ৰান্তৰ ১৭গৰাকী বিদূষী মহিলাৰ নামেৰে নতুনকৈ নামকৰণ কৰাৰ সিদ্ধান্ত লৈছে। সেই ১৭গৰাকীৰ মাজত স্থান লাভ কৰিছে অসমৰ অন্নদা গোঁহায়ে। অষ্ট্ৰেলিয়াৰ এই বিশ্ববিদ্যালয়খনৰ পৰা কেমিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লৈছিল অন্নদা গোঁহায়ে। ১৯৫৯ চনত এই বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। 'দ্য ইউনিভাৰছিটী অৱ নিউ ছাউথ ৱেলছ'ৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ ডিগ্ৰীধাৰী আছিল অন্নদা গোহাঁই। অন্নদা গোঁহাইৰ গৱেষণাৰ বিষয় আছিল— 'Production of High Quality Orange Juice Concentrate'। অষ্ট্ৰেলিয়াৰ পৰা উভতি আহি অন্নদা গোঁহায়ে অসম চৰকাৰৰ কৃষি বিভাগৰ চাকৰিত যোগদান কৰিছিল । প্রখ্যাত শিক্ষাবিদ, সমাজসেৱী প্রয়াত মহেন্দ্ৰ নাথ গোহাঁই আৰু শৰৎকুমাৰী গোহাঁইৰ কন্যা প্রয়াত অন্নদা গোহাঁই বিশিষ্ট শিক্ষাবিদ, সমালোচক, চিন্তাবিদ ড° হীৰেন গোহাঁইৰ জ্যেষ্ঠ ভগ্নী। 

No comments