Breaking News

ভাৰতীয় উদ্যোগপতি ৰতন টাটালৈ অষ্ট্ৰেলিয়াৰ সর্বোচ্চ সন্মান


জনকল্যাণকামী কাম আৰু ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে ভাৰতীয় উদ্যোগপতি ৰতন টাটাক অষ্ট্ৰেলিয়াই দেশখনৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া’ৰে বিভূষিত কৰিছে। ‘এমিৰেটাছ অব টাটা ছন্স'ৰ অধ্যক্ষ ৰতন টাটাক দেশখনৰ সৰ্বোচ্চ সন্মানেৰে বিভূষিত কৰাৰ বিষয়ে প্ৰকাশ কৰিছে ভাৰতত থকা অষ্ট্ৰেলিয়াৰ উচ্চায়ুক্ত বেৰী অ’ফাৰেলে ৷ তেওঁ ৰতন টাটাক এই সন্মান প্ৰদান কৰাৰ ছবি টুইটাৰত প্ৰকাশ কৰি মানৱহিতৈষী উদ্যোগপতিজনৰ কামকাজৰ ভূয়সী প্ৰশংসা কৰে আৰু অষ্ট্ৰেলিয়াৰ সৈতে থকা দীৰ্ঘদিনীয়া সম্পৰ্ক আৰু দ্বিপাক্ষিক বিষয়ত আগবঢ়োৱা অৱদানৰ বিষয়ে কৃতজ্ঞতাৰে সোঁৱৰণ কৰে। উল্লেখ্য যে, এমাহ পূৰ্বে ভাৰতীয় উদ্যোগপতিজনক ‘জেনেৰেল ডিভিজন অৱ অৰ্ডাৰ অৱ অষ্ট্ৰেলিয়া'ৰ সন্মানীয় বিষয়া হিচাপে নিযুক্তি দিছিল অষ্ট্ৰেলিয়া চৰকাৰে। ১৯৯১চনত টাটা গোষ্ঠীৰ অধ্যক্ষৰ দায়িত্ব লোৱা ৰতন টাটাই ২০১২ চনত সেই পদবীৰ পৰা অব্যাহতি লৈছিল। 

No comments