Breaking News

কলকাতা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশঃ আই আই টি, খৰগপুৰত মৃত্যু হোৱা তিনিচুকীয়াৰ ফৈজান আহমেদৰ মৃতদেহ পুনৰ মৰণোত্তৰ পৰীক্ষা কৰক



ৰবীন মৰাণ, পেঙেৰীঃ মঙলবাৰে কলকাতা উচ্চ ন্যায়ালয়ে ২০২২ চনৰ অক্টোবৰ মাহত  পশ্চিমবঙ্গৰ 'ইণ্ডিয়ান ইনষ্টিটিউট অব্ টেকন’লজি' (আই আই টি), খৰগপুৰৰ ছাত্ৰাবাসত ৰহস্যজনক অৱস্থাত উদ্ধাৰ হোৱা তিনিচুকীয়াৰ ২৩ বছৰীয়া ফৈজান আহমেদ নামৰ ছাত্ৰজনৰ মৃতদেহ দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে। ন্যায়াধীশ ৰাজ শেখৰ মান্থাই তদন্তকাৰী বিষয়াজনক এমাহৰ ভিতৰতে অসমৰ তিনিচুকীয়াৰ পৰা ফৈজানৰ মৃতদেহটো খান্দি দ্বিতীয় বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ হেতু কলকাতা মেডিকেল কলেজলৈ নিয়াৰ নিৰ্দেশ দিছে। উল্লেখ্য যে আই আই টি, খৰগপুৰৰ মেকানিকেল ইঞ্জিনীয়াৰিঙৰ তৃতীয় বৰ্ষৰ ছাত্ৰ তিনিচুকীয়াৰ গেলাপুখুৰী অঞ্চলৰ নিৱাসী ৰেহানা আহমেদৰ পুত্ৰ ফৈজান আহমেদক  ১৪ অক্টোবৰ, ২০২২ তাৰিখে প্ৰতিষ্ঠানটোৰ ছাত্ৰাবাসত মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। তেতিয়াই পৰিয়ালৰ লোকে ফৈজানৰ মৃত্যুৰ তদন্ত বিচাৰি কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। বিষয়টোৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে আই আই টি, খৰগপুৰ কৰ্তৃপক্ষৰ ভূমিকা সম্পৰ্কে কেতবোৰ প্ৰশ্ন উত্থাপন কৰিছিল আৰু কোৱা কৈছিল যে 'ৰেগিং' সম্পৰ্কীয় বিষয়ক কেন্দ্ৰ কৰিয়েই ঘটনাটো সংঘটিত হৈছিল। আদালতে আই আই টি, খৰগপুৰৰ সঞ্চালক ভি কে তিৱাৰীক আদালতত হাজিৰ কৰাই শিক্ষানুষ্ঠান চৌহদত ৰেগিঙৰ কাণ্ডবোৰ ৰোধ কৰিবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও প্ৰশ্ন কৰে। উল্লেখ্য যে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত ন্যায়াধীশ মান্থাই ছাত্ৰজনৰ মৃত্যুৰ ঘটনাটোৰ ফৰেনছিক তদন্তৰ নিৰ্দেশো দিছিল। আদালতে ইনষ্টিটিউট অব্ প'ষ্ট গ্ৰেজুয়েট, মেডিকেল এজুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউটৰ ফৰেনছিক এণ্ড মেডিচিন বিভাগৰ সৈতে পূৰ্বতে জড়িত থকা অজয় ​​কুমাৰ গুপ্তাক তদন্তৰ বাবে নিযুক্ত কৰিছিল। ইফালে ফৈজান আহমেদৰ পৰিয়ালৰ হৈ অধিবক্তাজনে আদালতত কয় যে ফৰেনছিক বিশেষজ্ঞসকলে দিয়া প্ৰতিবেদনত কোৱা হৈছে যে মৃত ছাত্ৰ জনৰ মূৰৰ পিছফালে গুৰুতৰ আঘাতৰ চিন আছিল। ছাত্ৰজনৰ হাতৰ গাঁ‌ঠি (মনিবন্ধ) কাটি আত্মহত্যাৰ ধাৰণা দিবলৈ চেষ্টা কৰিছিল বুলিও অধিবক্তাজনে অভিযোগ কৰে। অধিবক্তাজনে পূৱ মেডিনিপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষৰ এক প্ৰতিবেদনৰ প্ৰসঙ্গ উল্লেখ কৰি ঘটনাস্থলিত কিছু ড্ৰাগছ পোৱা গৈছিল বুলিও কয়। অধিবক্তাজনে লগতে কয় যে মৰণোত্তৰ পৰীক্ষাৰ  প্ৰতিবেদনখনত মৃত্যুৰ কাৰণ সন্দৰ্ভত কোনো কথাই উল্লেখ কৰা হোৱা নাই। মৃতকৰ মাতৃ ৰেহানা আহমেদৰ অভিযোগ, বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ পৰা ঘটনা সন্দৰ্ভত কোনোধৰণৰ সহযোগিতা লাভ কৰা নাছিল আৰু সমগ্ৰ কাণ্ডটো তেওঁলোকৰ ফালৰ পৰা ঢাকি ৰাখিবলৈহে চেষ্টা কৰা হৈছে।

No comments