Breaking News

নৰেন্দ্ৰ মোদীয়ে নোকোৱালৈকে পদত্যাগ নকৰে মহিলা মল্লযোদ্ধাৰ শ্লীলতা হানি কৰা ডব্লিউ এফ আইৰ অধ্যক্ষ ব্ৰিজ ভূষণ চৰণ সিঙে


ৰবীন মৰাণ, পেঙেৰীঃ
ভাৰতৰ মহিলা মল্লযোদ্ধাৰ যৌন নিৰ্যাতন চলোৱা ব্ৰিজ ভূষণ চৰণ সিঙক ডব্লিউ এফ আই ৰ অধ্যক্ষ পদৰ পৰা আঁতৰোৱা আৰু গ্ৰেপ্তাৰৰ দাবীত পুৰুষ মল্লযোদ্ধাসকল সহযোগত মহিলা মল্লযোদ্ধাসকল শান্তিপূৰ্ণ ধৰ্ণাৰ কাৰ্যসূচী অব্যাহত ৰাখিছে। এই তথ্য দাঙি ধৰি অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ অসম ৰাজ্যিক সচিব ৰঞ্জন চৌধুৰীয়ে এক প্ৰেছ বিবৃত্তি প্ৰকাশ কৰিছে। বিবৃত্তিত কোৱা হৈছে যে মহিলা মল্লযোদ্ধা  যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি সিঙৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু কৰাইছে। তাৰে এটা গোচৰ প'ছক' আইনৰ অধীনত। বিবৃতিত কোৱা হৈছে যে অল ইণ্ডিয়া ট্ৰেড ইউনিয়ন কংগ্ৰেছ (এ আই টি ইউ চি) ৰ সৰ্বোচ্চ নেতৃত্বই তেওঁলোকৰ আন্দোলনৰ প্ৰতি সমৰ্থন জনোৱাৰ কথা লিখিতভাৱে জনাইছে আৰু তেওঁলোকে মহিলাৰ মৰ্যাদা ৰক্ষাৰ্থে আৰম্ভ কৰা আন্দোলনৰ প্ৰতি অবিৰত সমৰ্থন আগবঢ়োৱাৰ আশ্বাস প্ৰদানো কৰিছে। কাৰণ এই সংগ্ৰাম হৈছে নাৰীৰ ওপৰত চলা আতিশয্য প্ৰতিৰোধ কৰাৰ লগতে নাৰীৰ মৰ্যাদাৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ হকে কৰা আন্দোলন। প'ছক' আইন উলংঘনৰ হেতু অভিযুক্তক গ্ৰেপ্তাৰৰ আহ্বান জনোৱাৰ পাছতো কোনোধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত বি জে পি নেতৃত্বাধীন শাসকীয় পক্ষক সমালোচনা কৰিছে এ আই টি ইউ চি-এ। 'চৰুক সুধি চাউল সিজোৱা'ৰ দৰে তেওঁ ডব্লিউ এফ আইৰ অধ্যক্ষ পদ ত্যাগ কৰিবলৈ অস্বীকাৰ কৰি কয় যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁক নোকোৱালৈকে তেওঁ পদত্যাগ নকৰে। এক প্ৰকাৰে তেওঁ প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত থকাৰ্ৱকথাটোকে ইংগিত দিছে। বিবৃত্তিত আৰু কোৱা হৈছে যে ১৯৪৫ ৰ ৯ মে'ৰ দিনটো ফেচিষ্ট অত্যাচাৰী হিটলাৰৰ সাম্ৰাজ্যৰ ওপৰত মানৱতাৰ বিজয়ৰ দিন। সেয়েহে যোৱা ৯ মে' তাৰিখে এ আই ইউ টি চি-এ এই দিৱসটো উদযাপন কৰি ন্যায় আৰু আত্মমৰ্যাদাৰ হেতু মল্ল যুঁ‌জাৰু সকলে অব্যাহত ৰখা আন্দোলনৰ সপক্ষত কোৱা হৈছে যে মানৱতাক থেতেলিয়াই পেলাবলৈ চেষ্টা কৰাসকলক ইতিহাসে কেতিয়াও ক্ষমা নকৰে। ট্ৰেড ইউনিয়ন আৰু অন্যান্য সংস্থাসমূহে  মল্লযুঁজাৰুসকলে গঢ়ি তোলা আন্দোলনৰ সমৰ্থনত দেশ জুৰি আন্দোলনৰ কাৰ্য্যসূচী গঢ়ি তুলিব বুলিও দৃঢ়তাৰে কয়। তেওঁলোকে কয় 'দেশ তথা জাতিৰ মৰ্যাদা স্বৰূপ আমাৰ কন্যাসকলৰ (বেটী বাচাও, বেটী পঢ়াও) সুৰক্ষাৰ হেতু লাগ বুলিলেই আমি সহযোগিতা আগবঢ়াম।' উল্লেখ্য যে বিগত ২০২০ ৰ দেশ তথা বিশ্ব কঁ‌পাই তোলা কৃষক আন্দোলনৰ নেতৃত্ব বহন কৰা কৃষক সংগঠনটোৱে অহা ২১ মে'লৈকে ব্ৰিজ ভূষণ চৰণ সিঙক গ্ৰেপ্তাৰ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক শেষ সীমা বান্ধি দিছে। অন্যথা মল্লযোদ্ধাসকলৰ দাবীৰ সমৰ্থনত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলিও সকীয়াই দিছে। 

No comments