Breaking News

ইউ পি এছ চি পৰীক্ষাত উজলিল অসমৰ যুৱক। তেজপুৰৰ যুৱক ময়ূৰ হাজৰিকাই দখল কৰিলে পঞ্চম স্থান



ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিছনৰ (ইউপিএছচি) ফলাফল আজি ঘোষণা কৰে। এইবাৰ তেজপুৰৰ ময়ূৰ হাজৰিকাই ইউপিএছচিত পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হৈছে।  অসমৰ ময়ূৰ হাজৰিকাই পঞ্চম স্থান লাভ কৰিছে। ময়ূৰে ইউপিএছচি চিএছই পৰীক্ষা ২০২২ ত পুৰুষসকলৰ মাজত শীৰ্ষস্থান দখল কৰিছে। 

২০২২ চনৰ ইউপিএছচি চিএছই পৰীক্ষাত স্থান দখল কৰি ময়ূৰ হাজৰিকাই ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিছে। হাজৰিকা বৰ্তমান তেজপুৰত বাস কৰে। হাজাৰিকাই উচ্চতৰ মাধ্যমিক আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাতো স্থান অৰ্জন কৰিছিল।

এই বছৰ মুঠ ৯৩৩ জন ব্যক্তিয়ে নিযুক্তিৰ পৰামৰ্শ লাভ কৰিছে। ইয়াৰ মাজতে, শীৰ্ষ চাৰিটা স্থান দখল কৰিছে মহিলাই।

No comments