Breaking News

ধূপধৰাত চালানি মাছ খাই অসুস্থ ২০০ ৰো অধিক লোক:মাছ বেপাৰীক বিচাৰি অভিযান আৰক্ষীৰ


গোৱালপাৰা জিলাৰ ধূপধৰাত ভোজভাতৰ লগত চালানি মাছ খাই অসুস্থ দুই শতাধিক লোক। বহিঃৰাজ্যৰ পৰা অসমলৈ আমদানি হোৱা মাছত বিষাক্ত ফৰ্মেলিনৰ অত্যধিক উপস্থিতি ধৰা পৰাত এনে মাছ খোৱা লোকৰ স্বাস্থ্যৰ ক্ষতি হোৱাৰ তীব্র আশংকাই দেখা দিয়াৰ মাজতে গোৱালপাৰা জিলাৰ ধূপধৰাত বুধবাৰে এঘৰ লোকে আয়োজন কৰা ভোজভাতৰ লগত চালানী মাছ খাই শিশু, পুৰুষ, মহিলা, বৃদ্ধকে ধৰি দুই শতাধিক অসুস্থ হৈ পৰা ঘটনাই বিশেষ তাৎপর্য বহন বি কৰিছে। উক্ত ঘটনাৰ বিষয়ে অৱগত হৈ লগে লগে স্থানীয় ধূপধৰা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ অসুস্থ লোকসকলক ততাতৈয়াকৈ বিকালী মডেল হাস্পতাল আৰু ৰংজুলি বিপিচিএইচলৈ প্ৰেৰণ কৰাৰ লগতে সংকটজনক অৱস্থাত থকা দুজনক গোৱালপাৰালৈ প্ৰেৰণ কৰে । জানিব পৰা মতে ধূপধৰাৰ সমীপৰ তথা  মেঘালয় সীমান্তৱৰ্তী মৰিয়মপুৰ নামৰ গাঁওখনৰ বিনছেং মাৰাক  নামৰ লোকজনৰ শাহুৱেকৰ মৃত্যু হোৱা হেতুকে উক্ত দিনা দুপৰীয়া চালানী মাছৰ সৈতে ভোজভাতৰ আয়োজন কৰিছিল। ইয়াতে খাদ্যত বিষক্রিয়া হৈ এইসকল লোক অসুস্থ হৈ পৰে। ভোজভাতত চালানী মাছ খাই অসুস্থ হৈ পৰাৰ সন্দেহ কৰা হৈছে। আনহাতে যিসকলে মাছ খোৱা নাছিল তেওঁলোক অসুস্থ হোৱা নাই ৷ শেহতীয়াকৈ অসমলৈ ফৰ্মেলিনযুক্ত মাছৰ আমদানি অব্যাহত থকাৰ অভিযোগৰ মাজতেই সংঘটিত এনে ঘটনাই অঞ্চলটোত আতংকৰ  সৃষ্টি কৰিছে। ইফালে, ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰাৰ লগতে মাছ যোগান ধৰা ব্যৱসায়ীক ধূপধৰা থানালৈ মাতি পঠোৱা বুলিও জানিব পৰা গৈছে। উল্লেখ্য‌ যে, শ্ৰীৰামপুৰেদি দৈনিক কমেও ২০-২৫খনকৈ চালানী মাছ কঢ়িয়াই অনা : ট্রাকে অসমত প্ৰৱেশ কৰি আছে যদিও আৰক্ষী, খাদ্য সুৰক্ষা তথা মীন বিভাগ সকলো মৌন। অভিযোগ মতে গুৱাহাটীৰ পৰা নিয়ন্ত্ৰিত এটা শক্তিশালী ছিণ্ডিকেট চক্ৰৰ আশীৰ্বাদতে বহিঃৰাজ্যৰ পৰা এনেদৰে চালানী মাছ ৰাজ্যখনলৈ আমদানি হৈ আছে । এই বৃহৎ চক্ৰটোৰ লগত জড়িত হৈ আছে দিছপুৰৰ আশীৰ্বাদপুষ্ট এটা মহল। উক্ত ছিণ্ডিকেট চক্ৰৰ দ্বাৰা নিয়োজিত এটা গোটে গোসাঁইগাঁৱৰ এখন হোটলৰ পৰা  শ্ৰীৰামপুৰেদি ৰাজ্যত প্ৰৱেশ কৰা চালানী মাছ বোজাই ট্রাকসমূহক নিৰীক্ষণ কৰে। এটা সূত্রই জানিবলৈ দিয়া মতে, বহিঃৰাজ্যৰ চালানী মাছৰ ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰে এই ছিণ্ডিকেট চক্ৰই। ৰাজ্য প্ৰশাসনৰ একাংশক শীৰ্ষ বিষয়াক মেনেজ কৰাৰ উপৰি ৰাজনৈতিক দলৰ একাংশ নেতাৰ আশীষধন্য হৈ ছিণ্ডিকেট চক্ৰটোৱে অবাধে চলাইছে চালানী মাছৰ মুক্ত বেহা । পৰীক্ষাত বহিঃৰাজ্যৰ চালানী মাছত ফৰ্মেলিন ব্যৱহাৰৰ স্পষ্ট প্রমাণ থকাৰ পাছতো নিজৰ খাদ্য সুৰক্ষা বিভাগ আৰু বিয়াগোম মীন বিভাগে কিয় চকু মুদা কুলিৰ দৰে ভূমিকা গ্ৰহণ কৰিছে সেয়াহে ৰহস্যৰ বিষয় হৈ পৰিছে।
 

No comments