Breaking News

সাফল্যৰ ধাৰা অব্যাহত ৰাখিলে গোলাঘাট জাতীয় বিদ্যালয়ে: বুৰঞ্জী বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ


গোলাঘাট, ২২ মে' : আজি হঠাৎ অসম মাধ্যমিক শিক্ষা পৰিষদ চমুকৈ ছেবাৰ দ্বাৰা ঘোষণা কৰা হয় চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল। আজি ঘোষণা কৰা ফলাফলত গোলাঘাট জিলাৰ মাতৃভাষা মাধ্যমৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ে সুন্দৰ ফলাফল প্ৰদৰ্শন কৰি পূৰ্বৰ সুনাম অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হয়। চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত গোলাঘাট জাতীয় বিদ্যালয়ৰ পৰা মুঠ ৬৮ জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল। ইয়াৰ ভিতৰত মুঠ ৫৫ জনে প্রথম বিভাগত উত্তীৰ্ণ হোৱাৰ বিপৰীতে দ্বিতীয় বিভাগত উত্তীৰ্ণ হয় ১৩ জন। মুঠ ১১ জন ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংছন সহ উত্তীৰ্ণ হোৱাৰ লগতে ষ্টাৰ মাৰ্ক লাভ কৰে ১৮ জনে। এশ শতাংশ উত্তীৰ্ণৰ হাৰেৰে পুনৰবাৰ উজলি উঠা গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰ কৌস্তুভমণি হাজৰিকাই বুৰঞ্জী বিষয়ত ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ এশ শতাংশ নম্বৰ লাভ কৰি বিদ্যালয়ৰ লগতে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিছে। আনহাতে ইংৰাজী বিষয়ত ৪৬ জনে লেটাৰ মাৰ্ক অৰ্জন কৰিবলৈ সক্ষম হোৱা কথাটো এখন অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ক্ষেত্ৰত যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি মন্তব্য কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱাই। ইংৰাজী বিষয়ৰ উপৰিও অসমীয়াত ১৩, গণিতত ১২, সাধাৰণ বিজ্ঞানত ১৯, সমাজ বিজ্ঞানত ২৫, উচ্চ গণিত বিষয়ত ৬, হিন্দীত ১১, ভূগোলত ৩, সংগীতত ১আৰু নৃত্য বিষয়ত ১ জনে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে।  বিদ্যালয়ৰ এনে ফলাফলত  অধ্যক্ষা স্মৃতিৰেখা বৰা আৰু শৈক্ষিক ন্যাসৰ সম্পাদক তথা বিদ্যালয়ৰ উপাধ্যক্ষা বনশ্ৰী কাকতিয়ে সন্তুষ্টি ব্যক্ত কৰাৰ লগতে উত্তীৰ্ণ সকলো ছাত্ৰ- ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক সকলক অভিনন্দন জ্ঞাপন কৰিছে। 

No comments