Breaking News

পুনৰ এটা গঁড়ৰ কংকাল উদ্ধাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত: সমগ্ৰ তথ্য গোপনৰ অপচেষ্টা

 


ৰাজ্যৰত এতিয়াও সুৰক্ষিত নহয় গড় কিম্বা অন্যান্য বন্যপ্ৰাণী। বনবিভাগৰ কটকটীয়া নিৰাপত্তাৰ পাছতো ৰাজ্যৰ বিভিন্ন ঠাইত গঁড় -হাতী আদি বিভিন্ন বন্যপ্ৰাণী নিধন যজ্ঞ চলিয়েই আছে।বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এটা গঁড়ৰ খড়্গাবিহীন কংকাল উদ্ধাৰ হোৱা ঘটনাই সচেতন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য, মানাহ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী ৰেঞ্জৰ কাহিতামা বীটৰ চিদাঝাৰ বন শিবিৰৰ পৰা প্ৰায় পাঁচশ মিটাৰ নিকটৱৰ্তী স্থানত উদ্ধাৰ হৈছে গঁড়ৰ কংকাল। লক্ষ্যণীয়ভাৱে গঁড়ৰ কংকাল উদ্ধাৰ হৈছে যদিও কংকালৰ সৈতে খড়্গটো পোৱা নাই । বন বিভাগৰ পৰা জানিব পৰা মতে, ২৭ জুনত বন বিভাগৰ এটা দলে ৰাষ্ট্ৰীয় উদ্যানখনৰ কাহিতামা বীটৰ অন্তৰ্গত চিদাঝাৰ বন শিবিৰৰ নিকটৱৰ্তী স্থানত এটা বনৰীয়া জন্তুৰ কংকাল উদ্ধাৰ কৰে আৰু উদ্ধাৰ হোৱা কংকালটো গঁড়ৰ বুলি নিশ্চিত হৈছে। উদ্ধাৰ হোৱা গঁড়ৰ কংকালটোৰ সৈতে খড়্গাটো পোৱা নাই। গঁড়টো প্রায় ২০/২৫ দিন পূৰ্বে চোৰাং চিকাৰীয়ে হত্যা কৰি খড়্গটো কাটি নিয়াৰ লগতে গঁড়ৰ মৃতদেহটো পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। লক্ষণীয়ভাৱে গঁড় নিধন সন্দৰ্ভত সকলো তথ্য গোপনে ৰখা হৈছিল। সেইসূত্রে গোটেই বিষয়টো ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। গঁড়ৰ খড়্গাবিহীন কংকাল উদ্ধাৰ হোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে বন বিভাগে আৰক্ষীৰ সহযোগত গড় হত্যা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইতিমধ্যে তদন্তৰ বাবে এখন কমিটী গঠন কৰি পোন্ধৰ দিন তদন্ত সম্পন্নৰ সময় দিয়া বুলি মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে। উল্লেখ্য, ২০১৬ চনৰ অক্টোবৰ মাহৰ পাছত এয়া মানাহত আন এক গঁড় হত্যাৰ ঘটনা পোহৰলৈ আহিছে।

No comments