Breaking News

ক’লা পোছাক পৰিধান কৰি বিৰোধী‌ ঐক্য-মঞ্চ 'ইণ্ডিয়া'ৰ দুয়ো সদনত ধৰ্ণা


উত্তৰ -পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ হিংসাত্মক কাৰ্যকলাপ সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতে দেশৰ মণিপুৰৰ হিংসাক লৈ বিৰোধী দলসমূহে বৃহস্পতিবাৰেও সংসদৰ উভয় সদন উত্তাল কৰি তোলে। এই সময়ছোৱাত বিৰোধী সাংসদসকলে সংসদৰ দুয়ো সদনত বৃহস্পতিবাৰে পুৱাৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিবৃতি দাবী কৰি ধৰ্ণা দিয়াৰ লগতে হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে। ফলত দিনটোৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ অধিৱেশন স্থগিত ৰাখিবলৈ বাধ্য হয় অধ্যক্ষই। উল্লেখ্য যে মণিপুৰৰ শেহতীয়া হিংসাৰ প্ৰতিবাদ জনাই বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অংশীদাৰী দলসমূহে বৃহস্পতিবাৰে ক'লা কাপোৰ পৰিধান কৰি সংসদত উপস্থিত হয়। এই সময়ছোৱাত বিৰোধী সাংসদসকলে সংসদৰ বাহিৰে-ভিতৰে মণিপুৰ সন্দৰ্ভত প্রধানমন্ত্ৰী মোদীৰ বিবৃতি দাবী কৰি ধৰ্ণা দিয়া পৰিলক্ষিত হয় । তৃণমূল কংগ্ৰেছে এই সন্দৰ্ভত এক বিবৃতিত উল্লেখ কৰে যে মণিপুৰৰ নিৰীহ লোকৰ ওপৰত এতিয়া নিৰ্বিচাৰ অত্যাচাৰ চলিছে। চৌদিশে জ্বলিছে হিংসাৰ জুই। নিহতৰ সংখ্যাই কেতিয়াবাই ডেৰ শতাধিক অতিক্ৰম কৰিছে। এনে অমানৱীয় ঘটনাৰ পাছতো মণিপুৰক লৈ প্রধানমন্ত্ৰীয়ে মৌনতা অৱলম্বন কৰিছে। এনে পৰিপ্ৰেক্ষিতত তৃণমূল দলে মণিপুৰৰ জনতাৰ পক্ষত থাকি প্ৰতিবাদৰ ভাষা হিচাপেই বৃহস্পতিবাৰৰ দিনটোত সংসদত ক'লা কাপোৰ পিন্ধি অহাৰ সিদ্ধান্ত লয়। উল্লেখ্য যে অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বেই সংসদ চৌহদত আহি উপস্থিত হয় কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ, অধীৰ চৌধুৰী, আম আদমি পাৰ্টীৰ সাংসদ ৰাঘৱ চাড্ডা, প্ৰিয়ংকা চতুর্বেদীকে ধৰি বিভিন্ন -ৰ দলসমূহৰ সাংসদসমূহ। একেদৰে বিৰোধী দলৰ আন এগৰাকী সাংসদ সঞ্জয় সিঙকো সংসদৰ বাহিৰত মণিপুৰক লৈ ধৰ্ণা দিয়া দেখিবলৈ পোৱা যায়। সাংসদ সিঙে সংবাদ মাধ্যমৰ আগত কয় যে মণিপুৰক লৈ ‘টীম ইণ্ডিয়া'ৰ প্ৰতিবাদে আজি চতুর্থ দিনত ভৰি দিলে। কিন্তু ইয়াৰ পাছতো বিষয়টোক লৈ প্রধানমন্ত্রী মোদীয়ে মুঠেই গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই । সেয়ে তেওঁ মণিপুৰৰ জনতাৰ মানৱতাৰ স্বাৰ্থত অন্ততঃ প্রধানমন্ত্রীয়ে সংসদত বিবৃতি দিব লাগে বুলি দাবী কৰে। সেইদৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়েও মণিপুৰ সন্দৰ্ভত প্রধানমন্ত্ৰীৰ মৌনতাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাহুল গান্ধীয়ে মোদীক প্ৰত্যাহ্বান জনাই বৃহস্পতিবাৰে এটা টুইট কৰে। টুইটত ৰাহুল গান্ধীয়ে এইবুলি উল্লেখ কৰে যে ‘আপোনালোক সকলোৱে জানে মণিপুৰক লৈ কিয় আজি প্রধানমন্ত্রী মৌন? কাৰণ তেওঁ জানে যে তেওঁৰ আদৰ্শৰ বাবেই আজি মণিপুৰ জ্বলিছে।' টুইটটোৰ সৈতে ৰাহুল গান্ধীয়ে এটা ভিডিঅ' বার্তাও প'ষ্ট কৰে। ৰাহুলে পুনৰ উল্লেখ কৰে ‘মণিপুৰত আজি কি ঘটি আছে সকলোৱে দেখি আছে। কিন্তু প্রধানমন্ত্রী কিয় মৌন? কিয় ক. প্রধানমন্ত্ৰীয়ে এটা শব্দও উচ্চাৰণ কৰা নাই। আপোনালোকে ভাবিছে চা কিয় প্রধানমন্ত্রীয়ে এবাৰ ইম্ফললৈ নাযায়। আচৰিত নহ'ব, মোদী আচলতে আৰ এছ এছৰ প্ৰধানমন্ত্রী। মণিপুৰৰ সৈতে তেওঁৰ কোনো লেনদেন নাই। মণিপুৰৰ মা-ভনী, কন্যাই আজি যি আঘাত পাইছে তাত  নৰেন্দ্ৰ মোদীৰ একো নাহে, নাযায়ো। গতিকে তেওঁ মণিপুৰক লৈ কিয় মূৰ ঘমাব?' ৰাহুল গান্ধীৰ এই টুইটে ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। ইপিনে মণিপুৰত চলি থকা হিংসাত্মক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ৰ অংশীদাৰী দলসমূহৰ এটা প্রতিনিধি দলে অহা ২৯ আৰু ৩০ জুলাইত সংঘৰ্ষজৰ্জৰিত ৰাজ্যখনৰ পৰিস্থিতি অধ্যয়নৰ বাবে যোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে। আনহাতে মণিপুৰৰ পৰিস্থিতিক লৈ অহা ৩১ জুলাইত পশ্চিমবংগ বিধানসভাই এটা নিন্দাসূচক প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। স্মৰ্তব্য যে চলিত সপ্তাহৰ আৰম্ভণিতে পশ্চিমবংগৰ সৰ্বদলীয় বৈঠকে বিধানসভাত মণিপুৰক লৈ নিন্দাসূচক প্ৰস্তাৱ গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। অৱশ্যে এই সিদ্ধান্তৰ বিৰোধিতা কৰে বিৰোধী দল বিজেপিয়ে। কিন্তু ইয়াৰ পাছতো পশ্চিমবংগ বিধানসভাৰ বিজনেছ এডভাইজাৰী কমিটীয়ে অহা ৩১ জুলাইত প্ৰস্তাৱটো উত্থাপন কৰিব বুলি জানিব পৰা গৈছে। 

No comments