Breaking News

বজৰংগ দলৰ আগ্নেয়াস্ত্র চালনাৰ প্রশিক্ষণ মঙলদৈৰ স্কুল চৌহদত


এইখন অসমৰে মঙলদৈ চহৰৰ মাজ-মজিয়াত ৰাষ্ট্ৰীয় বজৰংগ দলে ৪০০ সদস্যক আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিয়াৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। অসম আৰক্ষী আৰু প্ৰশাসনৰ চকুৰ সন্মুখতে ৰাষ্ট্ৰীয় বজৰংগ দলে চাৰিদিনীয়াকৈ প্ৰান্তীয় প্ৰশিক্ষণ শিবিৰৰ আয়োজন কৰি ৰাজ্যৰ ২৮খন জিলাৰ শ শ সদস্যক অস্ত্ৰচালনাৰ প্ৰশিক্ষণ দিয়া কাৰ্যই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মঙলদৈৰ মহর্ষি বিদ্যা মন্দিৰৰ খেল পথাৰত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় বজৰংগ দলে ২৭ জুলাইৰ পৰা ৩০ জুলাইলৈ এই প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত কৰে। আগ্নেয়াস্ত্র চালনা, ধনু-কাঁড় চালনা, তৰোৱাল চালনা, সমৰকলা আৰু লাঠীচালনাৰ প্ৰশিক্ষণ দিয়া এই শিবিৰত ৰাষ্ট্ৰীয় বজৰংগ দলৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক মনোজ কুমাৰ চাহু উপস্থিত আছিল। চাৰিদিনীয়া এই শিবিৰত অসমৰ প্ৰতিখন জিলাৰ বজৰংগ দলৰ সদস্যৰ উপৰি ত্ৰিপুৰা আৰু মেঘালয়ৰ সদস্যয়ো অংশ লৈছিল । অসমত প্ৰথমবাৰলৈ মঙলদৈৰ এই শিৰিত বজৰংগ দলৰ বহু সদস্যই অস্ত্ৰচালনাৰ প্ৰশিক্ষণ গ্ৰহণ কৰে। যি সময়ত বিজেপি মিত্ৰজোঁটৰ চৰকাৰে ৰাজ্যৰ চৰ-চাপৰি আৰু মাদ্রাছাসমূহত জেহাদীয়ে ঘাটি পাতিছে বুলি প্ৰচাৰ চলাই আহিছে, ঠিক তেনে সময়তে বজৰংগ দলৰ সদস্যক মঙলদৈ চহৰৰ মাজ মজিয়াত আগ্নেয়াস্ত্ৰৰ প্ৰশিক্ষণ দিয়া কার্যই বিশেষ তৎপর্য বহন কৰিছে। এটা গণতান্ত্রিক সংগঠনে মুকলিকৈ অস্ত্ৰচালনাৰ প্ৰশিক্ষণ দিয়া বিষয়টোৱে আৰক্ষী প্ৰশাসনৰ অস্তিত্বকেই নসাৎ কৰা দেখা গ'ল। স্বাভাৱিকতে এতিয়া বজৰংগ দলৰ প্ৰান্তীয় প্রশিক্ষণ শিবিৰত অস্ত্ৰচালনাৰ প্ৰশিক্ষণ দিয়াৰ বাবে স্থানীয় প্ৰশাসনৰ পৰা অনুমতি লৈছিল নে নাই, নে প্ৰশাসনৰ জ্ঞাতসাৰেই এই কার্য সম্পাদন হ’ল তাক লৈ প্রশ্ন উত্থাপন হৈছে। লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় বজৰংগ দলে ইয়াৰ পূৰ্বে বিগত বৰ্ষত ধুবুৰীতো এনে অস্ত্ৰচালনাৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। সেই সময়ত অসম আৰক্ষীৰ বিশেষ শাখাই বজৰংগ দলৰ প্ৰশিক্ষণত কাঠৰ পুতলা পিষ্টল ব্যৱহাৰ কৰা হৈছিল বুলি দাবী কৰিছিল। কিন্তু মঙলদৰৈ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণৰ সময়ত সদস্যসকলে হাতে হাতে পিষ্টল লৈ 'জয় শ্ৰীৰাম' শ্ল'গান দি নির্দিষ্ট লক্ষ্যলৈ গুলীচালনা কৰা পৰিলক্ষিত হৈছে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰা ভিডিঅ'ত গুলীচালনা কৰাৰ দৃশ্য স্পষ্ট হোৱাৰ পাছত হিন্দুত্ববাদী সংগঠন বজৰংগ দলৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ তথা অসম আৰক্ষীয়ে কি আইনী ব্যৱস্থা লয়, সেয়া হ'ব লক্ষণীয়। আনহাতে, এই প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে বজৰংগ দলৰ নেতৃত্বই লাভ জেহাদ প্ৰতিৰোধ কৰাৰ বাবে অসম চৰকাৰক সময়সীমা বান্ধি দিয়ে। এই সন্দৰ্ভত বজৰংগ দল ৰাজ্যিক নেতৃত্বই কয়— ‘প্ৰশিক্ষণ শিবিৰত ৰাজ্যৰ ২৮খন জিলাৰ চাৰি শতাধিক সদস্যই অংশ লয়। অসম তথা সমগ্ৰ ভাৰতত হিন্দুৰ প্ৰতি যি সংকট নামি আহিছে, শিবিৰত তাৰ ব্যাখ্যা দাঙি ধৰা হয়। শত্ৰুৰ পৰা নিজক ৰক্ষা কৰা আৰু শত্ৰুক বশ কৰাৰ ৰণকৌশল হিচাপে বিভিন্ন সামৰিক তথা আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান কৰা হয় সদস্যসকলক। আগন্তুক ১৪ আগষ্টৰ পৰা ৭ দিনীয়াকৈ অখণ্ড ভাৰত দিৱস পালন কৰা হ'ব। অখণ্ড ভাৰত দিৱসৰ বিশেষ সংকল্প লোৱা হয় প্ৰশিক্ষণ শিবিৰত । ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ আৰু অসমক লাভ জেহাদৰ পৰা মুক্ত কৰাৰ বাবেও সংকল্প লোৱা হয়। বিজেপি চৰকাৰে আমাক লাভ জেহাদবিৰোধী আইন প্রণয়নৰ প্রতিশ্রুতি দিছিল। কিন্তু সৰ্বানন্দ সোণোৱালৰ পৰা হিমন্ত বিশ্ব শৰ্মালৈ কোনেও সাত বছৰীয়া কাৰ্যকালত লাভ জেহাদবিৰোধী আইন প্ৰণয়নৰ কোনো প্রচেষ্টা হাতত নল'লে। সেয়েহে এই প্রশিক্ষণ শিবিৰৰ জৰিয়তে চৰকাৰক ডিচেম্বৰ ভিতৰত লাভ জেহাদবিৰোধী আইন প্ৰস্তুত কৰাৰ বাবে সময়সীমা বান্ধি দিছোঁ।' 

No comments