Breaking News

নগাঁৱত বিশ্ব সংজ্ঞাহৰণ দিৱস উদযাপন



ডিজিটেল সংবাদ, নগাঁওঃ  চেতনানাশক বা এনাচথেচিয়া আধুনিক চিকিৎসা বিজ্ঞানৰ এক অপৰিহাৰ্য অংশ । যাৰ ব্যবহাৰত ৰোগী এজনৰ  শৰীৰৰ কোনো নিৰ্দিষ্ট অংশ বা সম্পূৰ্ণ ৰোগী জনক অস্থায়ী ভাবে সংজ্ঞাহৰণ কৰিলৈ বিষহীন বা যন্ত্ৰণাহীন অস্ত্ৰোপচাৰ কৰা সম্ভব।  বৰ্তমান যুগত এনাচথেচিয়াৰ ব্যবহাৰ কেৱল অস্ত্ৰোপচাৰ কক্ষতে সীমাবদ্ধ নাথাকি এনাচথেচিয়া বা সংজ্ঞাহৰণ বিষয়টো ICU ৰ বিভিন্ন শৰীৰ বৃত্তিয় কাৰ্যকলাপ নিয়ন্ত্ৰণ, কৰ্কট ৰোগকে ধৰি  বিভিন্ন ধৰণৰ যান্ত্ৰণা দায়ক বিষ উপশম , যন্ত্ৰণাহীন স্বাভাৱিক প্ৰসৱ ,  গ্লেমাৰ জগতৰ বিভিন্ন কচমেটিক চাৰ্জাৰী,  সৰ্পদংশনৰ চিকিৎসা,  আনকি জীৱজন্তুৰ যন্ত্ৰণাহীন অস্ত্ৰোপচাৰ আদিতো বহুল প্ৰয়োগ হৈ আহিছে । 

                 ১৮৪৬ চনৰ ১৬ অক্টোবৰত অৰ্থাৎ আজিৰ দিনটোত ব'ষ্টনৰ দন্ত চিকিৎসক উইলিয়াম থমাছ গ্ৰীন মৰ্টনে এটা পেইনফুল ডেন্টেল প্ৰচিদিউৰত  দাইথিলিন ইথাৰ ব্যৱহাৰ কৰি বিষ উপশমত এনাচথেচিয়াৰ সফল প্ৰয়োগৰ পাছত প্ৰতিবছৰে এই দিনটো বিশ্ব এনাচথেচিয়া দিৱস ( World Anaesthesia Day ) বা ইথাৰ দে হিচাপে পালন কৰা হয় । উল্লেখযোগ্য যে ইয়াৰ আগতে ৰোগীৰ মূৰত আঘাত কৰিহে সংজ্ঞাহৰণ কৰা হৈছিল । 

    এই ৱৰ্ল্ড এনাচথেচিয়া দেৰ লগত সংগতি ৰাখি নগাঁৱতো এনাচথেটিষ্ট সকলৰ সংগঠন ইন্দিয়ান চচাইটি অফ এনাচথেচিয়া , নগাঁও জিলা শাখা ( ISA -Nagaon City Branch )  ৰ উদ্যোগত নগাঁও চহৰৰ মাজ মজিয়াত অবস্থিত বিদিশা হোটেলৰ সভাগৃহত নগাঁৱৰ লগতে মধ্যঅসম তথা অবিভক্ত নগাঁও জিলাৰ অন্তৰ্গত মৰিগাঁও আৰু হোজাইৰ সংজ্ঞাহৰণ বিশেষজ্ঞ সকলক আমন্ত্ৰণ জনাই এক অনুষ্ঠানৰ আয়োজন কৰে । 

     সন্ধিয়া ৬ বজাৰ পৰা আয়োজিত হোৱা এই অনুষ্ঠানত এনাচথেচিয়া বিভাগৰ ওপৰত কিছু দিশ আলোকপাত কৰাৰ লগতে আধুনিক এনাচথেচিয়া বিজ্ঞানলৈ যিসকল ব্যক্তিয়ে মহান আবদান দি মানব জাতিৰ কল্যাণৰ বাবে কাম কৰি গৈছে তেওঁলোকৰ আবদানক শ্ৰদ্ধাৰে স্মৰণ কৰা হয় । 

অনুষ্ঠানত ইন্দিয়ান চচাইটি অফ এনাচথেচিয়া , নগাঁও জিলা শাখাৰ সভাপতি ডাঃ ৰুবুল গোস্বামী , উপসভাপতি  ডাঃ ৰিয়াজুদ্দিন আহমেদ,  সম্পাদক  ডাঃ বিকাশ বৰুৱাৰ ,  নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক ডাঃ মিহিৰ পবণ গোস্বামী ,  নগাঁও চিকিৎসা মহাবিদ্যালয়ৰ সংজ্ঞাহৰণ বিভাগৰ মূৰব্বী অধ্যাপক ডা: বিপুল ডেকাৰ লগতে মধ্যঅসমৰ প্ৰায় ৩০ গৰাকী সংজ্ঞাহৰণ বিশেষজ্ঞ চিকিৎসক সমবেত হয় ।

No comments