Breaking News

পুৰণিগুদাম প্ৰেছ ক্লাৱৰ শাৰদীয় শিশু গ্ৰন্থমেলা

পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক । লেখক পাঠকৰ আড্ডাত গ্ৰন্থ মেলাৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোচনা।




ডিজিটেল সংবাদ, পুৰণিগুদামঃ যোৱা ২১ অক্টোবৰৰ  পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ উদ্যোগত প্ৰয়াত সাংবাদিক জয়ন্ত ভূঞা ক্ষেত্ৰত আৰম্ভ হৈছে শাৰদীয় শিশু গ্ৰন্থমেলা।

পুতলা পিষ্টলৰ সলনি এখন গ্ৰন্থ উপহাৰ দিয়ক" শীৰ্ষক বাণীৰে ১৯৯৬ চনৰ পৰা অনুষ্ঠিত হৈ অহা শাৰদীয় পুৰণিগুদাম শিশু গ্ৰন্থমেলাখনি ২১ অক্টোবৰৰ পুৱা পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা হয়। পুৰণিগুদাম প্ৰেছ ক্লাৱৰ পতাকা উত্তোলন কৰে সভাপতি তপন কটকীয়ে আৰু শিশু গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি হেমন্ত শইকীয়াই।ইয়াৰ পাছতে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ প্ৰয়াত সাংবাদিক জয়ন্ত ভূঞা, দিগন্ত ভূঞা আৰু ধনটি হীৰাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে পৰিয়ালবৰ্গ আৰু ক্লাৱৰ সদস্যসকলে।ইয়াৰ পিছতে গ্ৰন্থ মেলাৰ দ্বাৰ উন্মোচন কৰে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে আৰু লগত সহযোগিতা আগবঢ়াই শিশু শিল্পী প্ৰিয়াংকু শইকীয়াই।চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰে চিত্ৰশিল্পী বিপুল কুমাৰ বৰা,শৰৎ বৰুৱা আৰু পুলিন কটকীয়ে।ইয়াৰ পিছতে গ্ৰন্থমেলা স্থলীত অনুষ্ঠিত হয় সকলোৱে পাব পুৰস্কাৰ শীৰ্ষক চিত্ৰাংকন প্ৰতিযোগিতা।লেখক সাংবাদিক প্ৰাঞ্জল বৰদলৈয়ে আত ধৰা এই প্ৰতিযোগিতাত ক,খ আৰু গ শাখাত শতাধীক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে।।চিত্ৰাংকন প্ৰতিযোগিতা পৰিচালনা কৰে চিত্ৰশিল্পী বিপুল কুমাৰ বৰা,শৰৎ বৰুৱা আৰু পুলিন কটকীয়ে।

সন্ধা ৬ বজাত লেখক পাঠকৰ আড্ডা শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।চাপানালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা পাৰুল গায়নৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই আলোচনা চক্ৰত পুৰণিগুদাম ড: বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়ৰ অধ্যক্ষ ড: নৃপেন চন্দ্ৰ দাস ,চামগুৰি কলেজৰ অধ্যক্ষ ড: ইন্দ্ৰজিৎ বেজবৰুৱাই গ্ৰন্থ মেলাৰ প্ৰয়োজনীয়তা আৰু কিতাপ কিয় পঢ়িব লাগে তাৰ ওপৰত বহলাই বাখ্যা দাঙি ধৰে।সভাত কবি বসন্ত কৌশিক ভাগৱতী, শিশু বন্ধু দুলাল বৰা,সমাজকৰ্মী দিলীপ ভূঞা ,সাংবাদিক তপন কুমাৰ বৰা উপস্থিত থাকে ।লেখক পাঠকৰ আড্ডাৰ পূৰ্বে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় পাঁচটা প্ৰশ্নৰ এক মুকলি কুইজ।সমগ্ৰ বিষয়টো আত ধৰে পুৰণিগুদাম প্ৰেছ ক্লাৱৰ সভাপতি তপন কটকী,সাংস্কৃতিক সম্পাদক কাবুল কলিতাই।আলোচনা চক্ৰত প্ৰেছ ক্লাৱৰ সম্পাদক ভাৰ্গৱ হাজৰিকা,অভিজিত  বৰাকে ধৰি কেইবাজনো কৰ্মকতা উপস্থিত থাকে।২ অক্টোবৰত বিয়লি অনুষ্ঠিত হয় আমাক যুদ্ধ নালাগে শীৰ্ষক এক আলোচনা চক্ৰআমাক  আলোচনা চক্ৰ খন সঞ্চালনা কৰে সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তণ সাংগঠনিক সম্পাপক সঞ্জীৱ সাগৰ চৌধুৰীয়ে। পুৰণিগুদাম কবি সন্মিলনৰ উপ সভাপতি বিপুল মজুমদাৰে শুভ উদ্ধোধন কৰা কবি সন্মিলনত শৈৱাল সাগৰ বৰা[শিশু] অসীম বৰা,  ড° কমল চন্দ্ৰ নাথ, প্ৰতিভা ভাগৱতী, ময়ুৰ কুমাৰ বৰা, লোচন বৰা,  লণ্ডন বুক অৱ ৱল্ড ৰেৰ্কড ৪  ঘণ্টাত ৬০০০ শব্দৰ কবিতা লিখি বিশ্ব ৰেকৰ্ড কৰা সুবোধ কুমাৰ দাস, অধ্যাপক হিৰণ্য কুমাৰ শৰ্মা,বিজ্ঞান কুমাৰ শৰ্মা আদিয়ে।বিয়লি ৫'৩০ বজাত যুক্তা বৰাৰ পৰিচালনাত অনুষ্ঠিত হয় যুক্তা বৰাৰ পৰিচালনা যোগ সন্ধ্যা ।এই যোগ সন্ধ্যা কাৰ্য্যসূচী শুভ উদ্বোধন কৰে শিক্ষাবিদ মোহিনী মোহন ডেকাই।ইয়াৰ পিছতে গ্ৰন্থ মেলা স্থলীত পোন প্ৰথম বাৰৰ বাবে প্ৰয়াত যুৱ সাংবাদিক ধন্তি হীৰাৰ সোঁৱৰণী নবীন গ্ৰম্য সাংবাদিক বঁটা প্ৰদান কৰা হয়।এই বৰ্ষত এই বঁটা লাভ কৰে লামডিঙৰ সাংবাদিক পল্লবী কলিতাই।এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট ব্যক্তি হিছাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক প্ৰকাশ মহন্ত।লগত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সভাপতি প্ৰাগজ্যোতিষ বনিয়া।সভাত পুৰণিগুদাম শৰ্মা বুক এম্প্ৰৰিয়ামৰ স্বত্বাধিকাৰ দুলাল শৰ্মাক বিশেষ

 ভাৱে সম্বৰ্ধনা জনোৱা হয়।বিশেষকৈ দীৰ্ঘ সময় ধৰি  বৃহত্তৰ পুৰণিগুদাম অঞ্চলত বাতৰি কাকত বিতৰন কৰি আদৰ্শ গঢ়ি তোলা দুলাল শৰ্মাক সম্বৰ্ধনা জনোৱাৰ লগতে ভাষণ প্ৰসংগত শৰ্মাই দীৰ্ঘ সময় বাতৰি কাকতৰ বিতৰণ কৰাৰ অভিজ্ঞতাৰ ওপৰত বহলাই বাখ্যা কৰে।

No comments