Breaking News

জুলী বৰগোঁহাই সোঁৱৰণী আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা সম্পন্ন



গোলাঘাট : গোলাঘাটৰ শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ উদ্যোগত প্ৰয়াত জুলী বৰগোঁহাই সোঁৱৰণী আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতা যোৱা ৩ নৱেম্বৰত অনুষ্ঠিত হৈ যায়।  প্ৰতিযোগিতাৰ আৰম্ভণিতে  ঔংকাৰ আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।  বন্তি প্ৰজ্বলন কৰে শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডাঃ গিৰিধৰ ফুকনে। ইয়াৰ পিছতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বেদৰ মন্ত্ৰোচ্চাৰণ আৰু বিদ্যালয় গীত পৰিৱেশন কৰা হয়। আৰম্ভণি অনুষ্ঠানৰ আঁত ধৰে শিক্ষয়িত্ৰী উপাসনা শইকীয়াই। আদৰণি ভাষণ প্ৰদান কৰে বিদ্যালয়ৰ অধ্যক্ষ শুভাশিষ ৰাজখোৱাই। শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ জুলী বৰগোঁহাই , প্ৰাক্তন সঞ্চালক অপূৰ্ব কুমাৰ বৰগোঁহাই আৰু ভগৱান শ্ৰী সত্য সাই বাবাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰা হয়। জুলী বৰগোঁহাই সোঁৱৰণী আন্তঃ বিদ্যালয় কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে উদ্যোক্তা বিদ্যালয় খনৰে প্ৰাক্তন ছাত্ৰ তথা বৰ্তমান  জে ডি এছ জি কলেজ বোকাখাতৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক আকাশজ্যোতি শৰ্মাই। সহযোগী হিচাপে উপস্থিত থাকে হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ কনিষ্ঠ সহায়ক নীলোৎপল দত্ত। গোলাঘাটৰ কেইবাখনো আগশাৰীৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা এই কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় গোলাঘাট জাতীয় বিদ্যালয়ৰ অভিনৱ শইকীয়া আৰু অভিনৱ দত্তৰ দলে,  দ্বিতীয় স্থান অধিকাৰ কৰে শ্ৰী সত্য সাই বিদ্যা বিহাৰ বিদ্যালয়ৰ চৈয়দা আফাফ মুইন আৰু ধৃতিমান নিবিৰ গগৈৰ দলে আৰু তৃতীয় স্থানত থাকে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অখিলেশ শৰ্মা আৰু অংকুৰজ্যোতি তামুলীৰ দল। বিজয়ীসকলক ট্ৰফী, নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হয়। শলাগৰ শৰাই আগবঢ়ায় সহকাৰী শিক্ষক ৰমেন গগৈয়ে আৰু মংগল আৰতি পৰিবেশন কৰে পৰিচালনা সমিতিৰ যুটীয়া সচিব বিপুল ৰাজকুমাৰে। অনুষ্ঠানত বিদ্যা বিহাৰ বিদ্যালয়ৰ শিক্ষা সমন্বয়ক তৃপ্তি গোস্বামী,  উপাধ্যক্ষ সুব্ৰত কৰৰ লগতে শিক্ষক শিক্ষয়িত্ৰী তথা কৰ্মচাৰী আৰু ছাত্ৰ- ছাত্ৰীসকল উপস্থিত আছিল।

No comments