Breaking News

গোলাঘাট জিলা কবি সন্মিলনৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভা সম্পন্ন



অজন্তা তালুকদাৰ : আজি গোলাঘাটৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভৱনত গোলাঘাট জিলা কবি সন্মিলনৰ এখনি বৰ্দ্ধিত জিলা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। জিলা সম্পাদক দীপ হেষ্টিংছ বৰিয়ে আঁত ধৰা সভাৰ সভাপতিত্ব কৰে জিলা সভাপতি ড° প্ৰণৱ ঢেকিয়াল ফুকনে। সভাত শ্বহীদ দিৱস উপলক্ষে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ প্ৰতি শ্ৰদ্ধা জনাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰে। সভাৰ আৰম্ভণিতে জিলাৰ কাৰ্যকৰী সভাপতি তথা বিশিষ্ট কবি নাট্যকাৰ অমৰ শৰ্মাক বিগত সময়ছোৱাৰ লগতে শেহতীয়াকৈও অসমৰ নাট্য জগতলৈ শৰ্মাই আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ বাবে এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। সভাত জিলাৰ প্ৰতিষ্ঠা দিৱস অহা বৰ্ষৰ ৫ জানুৱাৰীত ধনশিৰি মহকুমা কবি সন্মিলনৰ আতিথ্যত উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। লগতে জিলাৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত কৌস্তভমণি হাজৰিকাৰ প্ৰথম বাৰ্ষিকী সোঁৱৰণী অনুষ্ঠান বৃহত্তৰ ঢেকিয়াল কবি সন্মিলনৰ আতিথ্যত পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। অহা বৰ্ষৰ ১০ ফেব্ৰুৱাৰীত জিলাৰ উদ্যোগত কাব্যনন্দিনী অনুষ্ঠান বাদুলিপাৰ শাখা কবি সন্মিলনৰ আতিথ্যত বাদুলিপাৰত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে জিলাৰ মধ্যকালীন অধিৱেশন অনুষ্ঠিত কৰাৰ বিষয়েও সভা আলোচনা কৰা হয়। লগতে আজিৰ সভাই অন্যান্য কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ সভাই প্ৰস্তাৱ লৈ গোলাঘাট জিলাৰ সমিতিখন বৰ্দ্ধিতকৰণ কৰে। এই উদ্দেশ্যে মণ্টু মৰাঙক সহ সম্পাদক, নৱ কুমাৰ বৰ্মনক সাংগঠনিক সম্পাদকৰ দায়িত্ব দিয়াৰ লগতে নতুনকৈ উপদেষ্টা আৰু কাৰ্যকৰী সদস্যৰ নাম অন্তৰ্ভুক্ত কৰা হয়। সভাত জিলাৰ উপদেষ্টাদ্বয় নৰেন শইকীয়া আৰু মিনতি দলে, জিলা কাৰ্যকৰী সভাপতি অমৰ শৰ্মা, নৱ প্ৰস্তাৱিত জিলা উপদেষ্টা বন্তি বৰা,

জিলাৰ মাহেকীয়া চ'ৰাৰ আহ্বায়ক নীলিমা বৰা, কাব্য নন্দিনীৰ আহ্বায়ক ছবি বৰুৱা, বোকাখাত মহকুমা কবি সন্মিলনৰ সম্পাদক অজন্তা তালুকদাৰ, বাদুলিপাৰ শাখা কবি সন্মিলনৰ সম্পাদক পূৰৱী সেনাপতি, মৰঙি শাখা কবি সন্মিলনৰ সম্পাদক ৰিজু শইকীয়া বৰদলৈ আৰু সভাপতি চাৰুমাই বৰা আদি কৰি ভালে সংখ্যক বিষয় ববীয়া, সদস্যই বক্তব্য ৰাখে। শেষত কাব্যমন্ত্ৰ পাঠেৰে সভাৰ সামৰণি পৰে।

No comments