Breaking News

গোলাঘাট আছুত বৃহৎ খহনীয়া!৩০০ নেতা কৰ্মীৰ পদত্যাগৰ পাছত উত্তেজনা সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ ভিতৰচ'ৰাত!



ডিজিটেল সংবাদ, গোলাঘাটঃ উৰুকাৰ ভোজত মন্ত্ৰী অতুল বৰাক সদৌ গোলাঘাট জিলা ছাত্র সন্থাৰ শ্বহীদ ভৱনত নিমন্ত্ৰণ। মন্ত্ৰী-বিধায়কক ভোজ খাবলৈ মাতি আছুৰ পৰা অপসাৰিত সভাপতি-সম্পাদকসহ গোলাঘাট আছুৰ ৩০০ নেতা-কৰ্মীয়ে আজি পদত্যাগ কৰে। উল্লেখ্য যে আছুৰ শ্বহীদ ভৱনত ভোজ খাবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল মন্ত্ৰী অতুল বৰাক।সমগ্ৰ বিষয়টোত সভাপতি-সম্পাদকৰ সৈতে জড়িত আছিল কেন্দ্ৰীয় উপ-সভাপতি তথা জিলা ছাত্র সন্থাৰ অভিভাৱক অভিৱৰ্তন গোস্বামীও । কিন্তু কেন্দ্ৰীয় সমিতিয়ে কোনো ব্যৱস্থা নল'লে অভিৱৰ্তন গোস্বামীৰ ওপৰত। বিষয়টোক লৈ কেন্দ্ৰীয় সমিতিক যোগাযোগ কৰিছিল অপসাৰিত সভাপতি-সম্পাদকৰ লগতে গোলাঘাটৰ বিভিন্ন দল,সংগঠন তথা বৌদ্ধিক সমাজে।কিন্তু কাৰো কথালৈ কেৰেপ নকৰি ছাত্র সন্থাই পুনৰ বিবেচনা নকৰিলে বিষয়টোক।যাৰ বাবে আজি প্ৰায় ১৭-১৮ বছৰে আছুৰ সৈতে জড়িত নেতা-কৰ্মীয়ে কৰিলে ৰাজহুৱা পদত্যাগ। ছাত্র সন্থাৰ কাৰ্যালয়ত উপস্থিত হৈ পদত্যাগ কৰাৰ পাছত এখন সংবাদ মেল সম্বোধন কৰি সমগ্ৰ বিষয়টোত দুঃখ প্ৰকাশ সদ্যপদত্যাগী আছু কৰ্মীৰ।




No comments