Breaking News

লোকসভা নিৰ্বাচনৰ বাবে ১০ নং কাজিৰঙা সমষ্টিত ব্যয় পৰ্য্যবেক্ষক গোলাঘাট নিৰ্বাচনী জিলাত উপস্থিত



ডিজিটেল সংবাদ, গোলাঘাটঃ বুধবাৰে  আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ১০ নং কাজিৰঙা সমষ্টিত ব্যয় পৰ্য্যবেক্ষক  লক্ষ্মণ সিং গুৰজাৰ, গোলাঘাট নিৰ্বাচনী জিলাত উপস্থিত হয়। উপস্থিত হৈ বৃহস্পতি বাৰে ব্যয় পৰ্য্যবেক্ষক গৰাকীয়ে গোলাঘাট নিৰ্বাচনী জিলাৰ নিৰ্দিষ্ট নিৰ্বাচনী কোষ সমূহ পৰিদৰ্শন কৰে আৰু জিলা নিৰ্বাচনী বিষয়া আৰু অন্যান্য সংশ্লিষ্ট বিষয়া সমূহৰ লগত আলোচনাত মিলিত হয়। তেখেতে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াটো নিকা, স্বচ্ছ আৰু সুচাৰু ৰূপে চলাবৰ বাবে আহ্বান জনায় আৰু এই ক্ষেত্ৰত সকলোৰে সহায় সহযোগিতা কামনা কৰে। 


নিৰ্বাচন সম্বন্ধীয় যিকোনো তথ্যৰ বাবে তলত উল্লেখ কৰা নম্বৰত ৰাইজে যোগাযোগ কৰিব পাৰিব।


ব্যয় পৰ্য্যবেক্ষকৰ কাৰ্য্যালয়, আৱৰ্ত ভৱন, গোলাঘাট

দুৰভাষঃ ৯১০১১২১৬৭১


নিয়ন্ত্ৰণ কক্ষঃ ০৩৭৭৪২৮৩২৮২



No comments