Breaking News

সাফল্যৰ ধাৰা অব্যাহত গোলাঘাট জাতীয় বিদ্যালয়ৰ : হিন্দী বিষয়ত সৰ্বোচ্চ নম্বৰেৰে উজলিল অভ্ৰজ্যোত বৰদলৈ



গোলাঘাট : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত সফলতাৰ ধাৰা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ে। বিগত বৰ্ষসমূহৰ দৰেই এইবাৰো গোলাঘাট জাতীয় বিদ্যালয়ৰ উত্তীৰ্ণৰ হাৰ এশ শতাংশ। বিদ্যালয়খনৰ ছাত্ৰ অভ্ৰজ্যোত বৰদলৈয়ে হিন্দী (ঐচ্ছিক) বিষয়ত ৯৮ নম্বৰেৰে ৰাজ্যৰ ভিতৰতে সৰ্বোচ্চ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে। অভ্ৰজ্যোত বৰদলৈয়ে ইংৰাজীত ৯৪, অসমীয়াত ৯১, সাধাৰণ গণিতত ৭১, সাধাৰণ বিজ্ঞানত ৮৮ আৰু সমাজ বিজ্ঞান বিষয়ত ৮৭ নম্বৰ লাভ কৰি ৮৮.১৭ শতাংশৰে ডিষ্টিংছনসহ উত্তীৰ্ণ হৈছে। ছাত্ৰজনৰ এই সফলতাত গোলাঘাট জাতীয় বিদ্যালয় কৰ্তৃপক্ষই তেওঁক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যৎ কামনা কৰে। উল্লেখ্য যে অভ্ৰজ্যোত বৰদলৈৰ পিতৃ গৌতম বৰদলৈ  গোলাঘাট জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক আৰু মাতৃ মামণি দত্ত বৰদলৈ এগৰাকী গৃহিনী।

No comments