Breaking News

দেৱৰাজ ৰয় মহাবিদ্যালয়লৈ স্বায়ত্বশাসিত মহাবিদ্যালয়ৰ স্বীকৃতি



গোলাঘাট : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনস্থ গোলাঘাট জিলা সদৰত অৱস্থিত দেবৰাজ ৰয় মহাবিদ্যালয়ক বিশ্ববিদ্যালয় অনুদান আয়োগে স্বায়ত্ব শাসিত মহাবিদ্যালয়ৰ স্বীকৃতি প্ৰদান কৰিছে। বিগত ১৬ এপ্ৰিল তাৰিখে অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয় অনুদান আয়োগৰ এক উচ্চস্তৰীয় বৈঠকত দেৱৰাজ ৰয় মহাবিদ্যালয়ক স্বায়ত্বশাসিত মহাবিদ্যালয়লৈ উন্নীত কৰাৰ চৰ্ত সাপেক্ষে অনুমোদন প্ৰদান কৰাৰ কথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ উপ সচিব ড০ গোপী চান্দ মেৰেগু সাক্ষৰিত পত্ৰৰ যোগে অৱগত কৰিছে। যোৱা ২৪ এপ্ৰিল তাৰিখে সাক্ষৰিত পত্ৰখন লাভ কৰাৰ লগে লগে মহাবিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীসকলক উৎফুল্ল হৈ পৰিছে। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ জয়ন্ত বাৰুকিয়ালে এই প্ৰাপ্তি মহাবিদ্যালয় পৰিয়ালৰ সকলো সদস্য ৰ লগতে মহাবিদ্যালয়খনৰ শুভাকাঙ্ক্ষী সকলোৰে সন্মিলিত প্ৰচেষ্টাৰ ফলশ্ৰুতি বুলি অভিহিত কৰি মহাবিদ্যালয়খনৰ গৌৰৱ যাত্ৰা অব্যহত ৰাখিবলৈ অনাগত দিনবোৰত  সকলোৰে ইতিবাচক সহাঁৰিৰ আহ্বান জনায়।

No comments