Breaking News

গোলাঘাট জাতীয় বিদ্যালয়ত ' প্ৰজ্ঞা স্মৰণ ' অনুষ্ঠান




সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ গোলাঘাট জিলাৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ে আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰে ' প্ৰজ্ঞা স্মৰণ ' শীৰ্ষক এক অনুষ্ঠান। বিদ্যালয়খনৰ প্ৰয়াত প্ৰতিষ্ঠাপকসকলৰ স্মৃতিচাৰণৰ  অৰ্থে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত কৰা হয় এই ' প্ৰজ্ঞা স্মৰণ ' কাৰ্যসূচী।  কাৰ্যসূচীৰ লগত সংগতি ৰাখি গোলাঘাট  নগৰ ভিত্তিক আন্তঃ বিদ্যালয় বৰগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত উদ্যোক্তা গোলাঘাট জাতীয় বিদ্যালয়ৰ লগতে গোলাঘাট নগৰৰ আন কেইবাখনো শিক্ষানুষ্ঠানৰ পৰা অহা মুঠ ১৭ গৰাকীয়ে বৰগীত পৰিবেশন কৰে। কাৰ্যসূচীৰ আৰম্ভণিতে প্ৰয়াত প্ৰতিষ্ঠাপক তথা শিক্ষাবিদ কন্দৰ্প তামূলী, জেহিৰুল হুচেইন, প্ৰফুল্ল চন্দ্ৰ চলিহা, অন্যতম প্ৰতিষ্ঠাপক তথা বিশিষ্ট ব্যৱসায়ী অজিত বৰুৱা, প্ৰতিষ্ঠাপক প্ৰধান শিক্ষয়িত্ৰী নীলিমা বৰুৱা,  প্ৰতিষ্ঠাপক সহ শিক্ষয়িত্ৰী তথা প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী ষড়াননী বৰদলৈ খাউণ্ডৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে 



 গোলাঘাট জাতীয় বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱা প্ৰমুখ্যে ন্যাসৰ অন্যান্য সদস্য আৰু প্ৰয়াত সকলৰ পৰিয়ালৰ লোকে। ইয়াৰ পিছতে এখন সভা অনুষ্ঠিত হয়। বিদ্যালয়ৰ শৈক্ষিক ন্যাসৰ সভাপতি ডাঃ অজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ন্যাসৰ উপ সভাপতি পৰশ বৰুৱা,  সম্পাদক বনশ্ৰী কাকতি, সদস্য ডাঃ মানস ৰয়, চফিয়া হুছেইন আৰু অমিয়া তামূলী আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ অধ্যক্ষা স্মৃতিৰেখা বৰা উপস্থিত থাকে। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু প্ৰয়াত প্ৰতিষ্ঠাপকসকলৰ স্মৃতিচাৰণ কৰে বনশ্ৰী কাকতিয়ে। বৰগীত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা প্ৰতিযোগীসকলক আদৰণি জনাই শুভেচ্ছামূলক বক্তব্য আগবঢ়ায় অধ্যক্ষা স্মৃতিৰেখা বৰাই। আজিৰ বৰগীত প্ৰতিযোগিতাত বিচাৰক হিচাপে উপস্থিত থাকে দুই বিশিষ্ট সাংস্কৃতিক কৰ্মী অজিত কুমাৰ বৰা আৰু দুলু প্ৰসাদ নাথ। প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰী সাক্ষী খাৰঘৰীয়াই,  দ্বিতীয় আৰু তৃতীয় স্থানত থাকে বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ ক্ৰমে অন্তৰা বৰা আৰু অন্তৰীক্ষ দেউৰীয়ে। আনহাতে আন চাৰিগৰাকী প্ৰতিযোগী ক্ৰমে বৃষ্টিপ্ৰিয়া শইকীয়া, বৰেণ্যা শইকীয়া, স্বস্তিকা গগৈ আৰু দিব্যাংগনা সন্দিকৈক প্ৰদান কৰা হয় বিচাৰকৰ বিশেষ বঁটা। আজিৰ সমগ্ৰ কাৰ্যসূচীৰ আঁত ধৰে বিদ্যালয়খনৰ সহকাৰী শিক্ষয়িত্ৰী মিতাশ্ৰী বৰুৱাই।

No comments