বান পানীক লৈ অসমলৈ বিশেষ পেকেজ ঘোষণা ২০২৪-২৫ৰ সাধাৰণ বাজেটত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণৰ
ডিজিটেল ডেস্কঃ আজি ২০২৪-২৫ৰ সাধাৰণ বাজেটত দাখিল কৰিলে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে। অসমৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বিশেষ পেকেজ প্ৰদান কৰাৰ কথা উল্লেখ কৰা হৈছে ২০২৪-২৫ৰ সাধাৰণ বাজেটত । বিত্তমন্ত্ৰীয়ে বাজেট ভাষণত এই কথা ঘোষণা কৰি কয় যে, অসমক প্ৰতিবছৰেই ভয়ংকৰ বানে ধুই যায়। বানৰ ফলত ৰাজ্যখনত বিস্তৰ ক্ষতি হয়।এই ক্ষয়-ক্ষতিৰ পৰিমাণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব। বিত্তমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, অসমৰ বান সৃষ্টি কৰা প্ৰায়বোৰ নদীৰ উতস বহিঃদেশত আছে। তথাপিও এই দিশটোৰ ওপৰত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰিব।
উল্লেখ যে, সমগ্ৰ দেশৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৪-২৫বৰ্ষৰ বাজেটত ১১,৫০০কোটি টকা ধাৰ্য কৰা হৈছে। এই ধনৰে দেশৰ বান বিধ্বস্ত ৰাজ্য কেইখনত বিশেষ আঁচনি গ্ৰহণ কৰা হব বুলি ঘোষণা কৰে বিত্তমন্ত্ৰীয়ে।
No comments