ৰহস্যজনক অৱস্থাত দিহিং চাহ বাগিচাৰ সমীপৰ চেমা পথাৰত বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ, তীব্ৰ প্ৰতিক্ৰিয়া পৰিৱেশকৰ্মী দেৱজিৎ মৰাণৰ
ডিজিটেল সংবাদ, ডিগবৈঃ পুনৰ ৰাজ্যত বন্যহস্তীৰ মৃত্যু। শুক্ৰবাৰে ডিগবৈ বন সংমণ্ডলৰ অন্তৰ্গত মাৰ্ঘেৰিটা ৰেঞ্জৰ দিহিং চাহ বাগিচাৰ কাষতে লাগি থকা চেমা পথাৰত এটা বন্যহস্তীৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। অবাধ বনধ্বংস ফলত জনাঞ্চললৈ ওলাই অহা বন্যপ্ৰাণীৰ এনে কৰুণ মৃত্যুক এতিয়া সহজভাৱে ল’ব পৰা নাই সচেতন ৰাইজে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যুৱ পৰিৱেশকৰ্মী দেৱজিৎ মৰাণে কয় যে, ডিগবৈ বনসংণ্ডলৰ অন্তৰ্ত ৰিজাৰ্ভ ফ”ৰেষ্টসমূহত চলা অবৈধ বনধ্বংস অৰ্থাৎ বিশেষ কয়লাৰ মুক্ত খননে বিপদ কঢ়িয়াই আনিছে বনসংমণ্ডলৰ অধীনৰ ৰিজাৰ্ভ ফ’ৰেষ্ট সমূহৰ বন্যপ্ৰাণীলৈ। বন বিভাগৰ চকুৰ আগতে টিপং, লেখাপানী, পাহাৰপুৰ, মাকুমপানী, তিৰাপ আদি ৰিজাৰ্ভ ফৰেষ্টত এতিয়া কয়লা মাফিয়াৰ অবাধ কয়লাখনে এতিয়া পৰিৱেশ ভাৰসাম্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে। যাৰ বাবে এনেদৰে বন্যপ্ৰাণীৰ মৃত্যুমুখত পৰি আহিব লগা হৈছে।
সেয়েহে এইবোৰ কাৰ্যকলাপ অতি শীঘ্ৰে বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে পৰিৱেশকৰ্মী দেৱজিৎ মৰাণে।

No comments