Breaking News

গোলাঘাটত নগৰবাসীৰ দুৰ্ভোগ জেচিবিয়ে পানীৰ পাইপ আৰু কেবোল কাটি খাস্তাং কৰিলে পথ উন্নয়নৰ নামত



ডিজিটেল ডেস্কঃ গোলাঘাট চহৰ বৰ্তমান চৌদিশে চলি থকা বাট-পথৰ বহলিকৰণ, পুনৰ নিৰ্মাণ আদি উন্নয়নমূলক কাম-কাজ সমূহ সংশ্লিষ্ট ঠিকাদাৰ প্ৰতিষ্ঠান সমূহে  জেচিবি ব্যৱহাৰেৰে পথৰ দাঁতিৰ নৰ্দমাৰ খনন কাৰ্যৰ নামত পৌৰসভাৰ খোৱা পানী যোগান ব্যৱস্থাৰ পাইপ, বিদ্যুৎ যোগান ব্যৱস্থাৰ কেবল আদি কাটি মহতিয়াই পেলোৱাৰ ফলত অনেক সময়ত নগৰবাসীৰ দুৰ্ভোগে সীমা চেৰাই গৈছে। যোৱা তিনিদিন পূৰ্বে গোলাঘাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সমীপতে পথ বহলীকৰণৰ কামৰ নামত নিশাৰ ভাগত ঠিকাদাৰ প্ৰতিষ্ঠানৰ জেচিবিয়ে পথৰ দাঁতিৰ পৌৰসভাৰ পানী যোগানৰ পাইপ ভাঙি চুৰমাৰ কৰাত গোলাঘাট নগৰৰ কেইবাটাও ৱাৰ্ডৰ বৃহৎ এলেকাৰ খোৱা পানীৰ যোগান সম্পূৰ্ণ ব্যাহত হৈ পৰাত নাগৰিক অবৰ্ণনীয় বিপৰ্যয়ৰ সন্মুখীন হয়। সম্পূৰ্ণ দুটা দিন পানী যোগান স্তব্ধ হৈ ৰোৱাৰ পিছতো জেচিবিয়ে ভঙা পাইপ অংশৰ মেৰামতিৰ কাম লেহেমীয়া হোৱাক লৈ নগৰবাসী স্বাভাৱিকতে ক্ষুন্ন হৈছে। একেদৰে নগৰখনৰ বিভিন্ন পথ, উপ-পথৰ উন্নয়নমূলক কাম ৰূপায়নৰ নামত ঠিকাদাৰৰ জেছিবিয়ে  কাটি থৈ যোৱা বিদ্যুৎ কেবোল পুনঃ সংস্থাপনৰ ব্যৱস্থা সংশ্লিষ্ট বিভাগে তৎপৰতাৰে কাৰ্য্যকৰী নকৰাত গোলাঘাট নগৰৰ অনেক এলেকা নিশা অন্ধকাৰত ডুব গৈ থকাৰ অভিযোগ উত্থাপিত হৈ আহিছে। অন্যহাতে নগৰখনত ৰূপায়িত হৈ থকা পথ নিৰ্মাণৰ কামৰ বেলিকা বহু সময়ত ঠিকাদাৰ প্ৰতিষ্ঠানে পানী ছটিওৱাৰ ব্যৱস্থা নিয়মীয়াকৈ নোলোৱাত প্ৰচণ্ড ধূলিৰ প্ৰকোপত ৰাইজে হাৰাশাস্তি ভুগিব লগা হৈছে। বেমাৰ-আজাৰ আদিও বৃদ্ধি পাইছে।  লোক নিৰ্মাণ বিভাগ, পৌৰসভা কৰ্তৃপক্ষ আদিয়ে এনেবোৰ ক্ষেত্ৰত বিশেষ চকু ৰখাটো উচিত।

No comments