অন্ধ্ৰ প্ৰদেশৰ পুত্তাপৰ্ত্তিত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ শুভাৰম্ভ, বছৰজুৰি বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হব শতবাৰ্ষিকী
ডিজিটেল ডেস্কঃ ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী (২০২৫) উপলক্ষে ভাৰতবৰ্ষৰ লগতে সকলো ৰাজ্যৰ শ্ৰী সত্য সাই সেৱা সংগঠনে বছৰজোৰা বিভিন্ন কাৰ্য্যসূচী হাতত লৈছে। তাৰে ভিতৰত অন্যতম এটা অনুষ্ঠান হল "শ্ৰী সত্য সাই প্ৰেম প্ৰবাহিনী"নামেৰে ৫ খন পৱিত্ৰ ৰথ সাজু কৰা হৈছে। এই ৰথত শ্ৰী সত্য সাই বাবাৰ ফটো আৰু পাদুকা থকাৰ উপৰিও স্বামীৰ মানৱ সমাজলৈ দিয়া দিব্য বাণী কিছুমান থাকিব। এই "শ্ৰী সত্য সাই প্ৰেম প্ৰবাহিনী" ৰথে সম্পূৰ্ণ সাংগঠনিক বিধি বিধান আৰু ৰীতি নীতিৰ মাজেৰে, সমগ্ৰ ভাৰতবৰ্ষৰ ৬ টা মণ্ডলক(zone )সামৰি ,প্ৰত্যেক ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যাত্ৰা আৰম্ভ কৰিব। বৃহস্পতি বাৰে আৰাধনা মহোৎসৱৰ দিনা স্বামীৰ জন্ম ঠাই অন্ধ্ৰ প্ৰদেশৰ পুত্তাপৰ্ত্তিত এই যাত্ৰাৰ শুভ উদ্বোধনী অনুষ্ঠান অনুস্থিত হয়। এই অনুষ্ঠানত ভাৰতৰ শ্ৰী সত্য সাই সেৱা সংগঠনৰ মেনেজিং ট্ৰাস্তী শ্ৰদ্ধাৰ আৰ.জে ৰত্নাকৰ, সৰ্বভাৰতীয় সভাপতি নিমিশ পান্দিয়া, নেচনেল সেৱা সমন্বয়ৰক্ষী কোতেশ্বৰ ৰাওঁ আৰু বহুতো সন্মানীয় ব্যক্তি উপস্থিত আছিল। সেইদিনা তাত, আমন্ত্ৰণ ক্ৰমে অসম আৰু উত্তৰ পূ্বাঞ্চলৰ মান্দলিক সভাপতি সত্যেন শৰ্মা, ৰাজ্যিক সভাপতি ড: গকুল চন্দ্ৰ দাস, সেৱা সমন্বয়ৰক্ষী প্ৰদীপ কুমাৰ শৰ্মা আৰু আধ্যাত্মিক সমন্নয়ৰক্ষী সমৰজিত দাস এই পৱিত্ৰ ক্ষণৰ সাক্ষী হৈ উপস্থিত আছিল। এই পৱিত্ৰ ৰথ আমাৰ ইষ্ট আৰু নৰ্থ ইষ্ট জনত চলিত বৰ্ষৰ ১ অক্টোবৰত চিকিম, ৱেষ্ট বেংগল হৈ আহি বক্সিৰহাতত (বঙাইগাঁও ), ৱেষ্টবেংগল ১ এ অসমৰ হাতত তুলি দিব। তাৰ পাছত অসমত আৰু নৰ্থ ইষ্টৰ পূৰ্বে নিৰ্ধাৰিত মেপ অনুসৰি প্ৰত্যেক জিলাতে দৰ্শন দি ঘুৰি ২৭ নৱেম্বৰ তাৰিখে কামাখ্যাগুৰিত অসমে পুনৰ ৱেষ্ট বেংগল ১ ক হাতত তুলি দিব।
No comments