লক্ষীমপুৰত ৰসজ্ঞ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ বিশেষ সভা
মঙ্গলবাৰে সন্ধিয়া ৭ বজাত ৰসজ্ঞ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানখনৰ লক্ষীমপুৰ শাখাই যুব প্ৰজন্মৰ বাবে এখন সভা অনুষ্ঠিত কৰে। সভাৰ উদ্দেশ্য আছিল চিনেমা আৰু দূৰদৰ্শনত জীৱিকাৰ বাবে অধ্যয়নৰ সুবিধা, প্ৰয়োজনীয়তা আৰু সুযোগ সমূহ। বিষয়ত আলোকপাত কৰিবলৈ সভাত উপস্থিত আছিল ড° ভূপেন হাজৰিকা ৰিজনেল ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউতৰ ( Dr bhupen hazarika regional Film and television institute ) প্ৰবক্তা কাকলি নাথ। সভাৰ আত ধৰিছিল লক্ষীমপুৰৰ ত্ৰিদ্বীপ বৰাই। সভাৰ উদ্দেশ্য বাখ্যা কৰে ত্ৰাতৃ এপৰ স্বত্তাধিকাৰী ত্ৰিদীপ বৰুৱা দেৱে।চিনাকি পৰ্বৰ আতধৰে ৰসজ্ঞৰ সম্পাদক মিন্টু অভিজ্ঞান বৈশ্যই। লগতে উপস্থিত আছিল ৰসজ্ঞৰ সভানেত্ৰী ৰেখা ৰাণী বৰ্মন, মালবিকা শৰ্মা, ৰুণু দেৱী শৰ্মা, পাপৰি দেৱী, মঞ্জুৰাণী দাস, মণিৰূপা মিশ্ৰ, ৰাখী কাশ্যপ, জেউতি, দিশান্ত , গৌতম গায়ন,জিয়া,ৰাম কৃষ্ণ, বিদ্যুৎ,ভূপেন শইকীয়া, জিন্তূ, মৃদুস্মিতা,ধণমনি, জুৰি, কুকিল,হিমাশ্ৰী,সুদীপ্ত আৰু বহুতো ব্যক্তিসকলে। কাকলি নাথৰ বিষয়ৰ উপস্থাপনে যুব প্ৰজন্মৰ লগতে অগ্ৰজ সকলৰো বিভিন্ন জিজ্ঞাসাই স্পষ্টতা লাভ কৰে।
No comments