ৰসজ্ঞ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সৌজন্যত অনুষ্ঠিত সুহুৰি অনুষ্ঠানত এইবাৰ প্ৰতিনিধিত্ব কৰে দৰং জিলাই
ডিজিটেল ডেস্কঃ বুধবাৰে সন্ধিয়া ৭ বজাত ৰসজ্ঞ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ সৌজন্যত গুগল মিটযোগে প্ৰতিটো সপ্তাহতে অনুষ্ঠিত কৰা সুহুৰি অনুষ্ঠানত এইবাৰ প্ৰতিনিধিত্ব কৰে দৰং জিলাই। অনুষ্ঠানৰ আঁত ধৰে দৰং জিলাৰ পৰা দিশান্ত পৰাশৰে, অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মিন্টু (অভিজ্ঞান)বৈশ্য ই। অনুষ্ঠানত উপস্থিত থাকি দৰং লোক সংস্কৃতিৰ অন্যতম চিয়া গীত পৰিৱেশন কৰে দৰং লোক সংস্কৃতিৰ সাধক বুলু ডেকা আৰু তেখেতৰ সহযোগী বৃন্দ ই । দৰং লোক সংস্কৃতিৰ ওপৰত বক্তৃতা প্ৰদান কৰাৰ লগতে নাঙেলী গীত পৰিৱেশন কৰে মুকুট চন্দ্ৰ হাজৰিকাদেৱে। অনুষ্ঠানত উপস্থিত থাকে লোক সংগীতৰ ভাস্কৰ বসন্ত পাটগিৰীদেৱ, অসমৰ স্বনামধন্য আবৃত্তিকাৰ, সাহিত্যিক ৰীতা বৰুৱা । অনুষ্ঠানত উপস্থিত থাকে দৰং লোক সাহিত্য সংস্কৃতিৰ সেৱক সেৱিকাসকল ক্ৰমে ৰাখী কাশ্যপ,ভাৰ্মিনাচ, জিন্টু জোনাক, শ্বাহিদ আলম, শ্বামিম আলম ,ভিকিৰাজ চহৰীয়া, জিন্তু বণিয়া, সৌৰভ হাজৰিকা ইত্যাদি। অনুষ্ঠানত উপস্থিত থাকে ৰসজ্ঞৰ স্থায়ী উপদেষ্টা ত্ৰাতৃ এপʼৰ স্বত্বাধিকাৰী ত্ৰিদীপ বৰুৱাদেৱ, কাৰ্যকৰী সভানেত্ৰী পাপৰি দেৱী, জ্যেষ্ঠ উপদেষ্টা ৰুণু দেৱী শৰ্মা, আৰু ৰসজ্ঞৰ বিভিন্ন দায়িত্বত থকা আৰু অসমৰ সাহিত্য সংস্কৃতিৰ সেৱক সেৱিকাসকল ক্ৰমে নিবেদিতা শইকীয়া, হীৰা মণি দেৱী,ত্ৰিদীপ বৰা,বিজুলী শৰ্মা, গৌতম গায়ন, জেউতি শিখা ,প্ৰণীতা হালৈ,মানবী,পৰশ মনি , মীনা বখটিয়াৰ, ৰঞ্জন ,ইত্যাদি। অনুষ্ঠানৰ শেষত দৰং জিলাৰ কৃষ্টি সংস্কৃতি সাহিত্যৰ প্ৰতি শ্ৰদ্ধা প্ৰদৰ্শন কৰি শলাগৰ শৰাই আগবঢ়াই মিন্টু (অভিজ্ঞান) বৈশ্যই।
No comments