Breaking News

বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী, জ্যেষ্ঠ সংবাদিক জিতু শৰ্মা ৰাজখোৱালৈ "নিৰন্তৰম্ সমুৰ্দ্ধত্তা" বঁটা



মৃদুস্মিতা শৰ্মা, বোকাখাতঃ বোকাখাতৰ বিশিষ্ট সমাজকৰ্মী, জ্যেষ্ঠ সাংবাদিক অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱালৈ আগবঢ়োৱা হৈছে “নিৰন্তৰম্ সমুৰ্দ্ধত্তা" বঁটা। অসম সত্র মহাসভা, বোকাখাত জিলা সমিতি, ডিফলুপৰীয়া শতদল শাখা সাহিত্য সভা বোকাখাত, শিল্পী সমাজ বোকাখাত, সদৌ অসম গ্রাম্য পুথিভঁৰাল সন্থা, বোকাখাত মহকুমা সমিতি, গোলাঘাট জিলা কবি সন্মিলন, বোকাখাত মহকুমা ব্রাহ্মণ সমাজ, অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ, বোকাখাত মহকুমা সমিতিয়ে যৌথভাৱে ঘোষণা কৰিছে ২০২৫ বৰ্ষৰ 'নিৰন্তৰম্ সমুৰ্দ্ধত্তা বটা'। এই বঁটা অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি, 'ৰাইজৰ খবৰ' কাকতৰ মূখ্য সম্পাদক, জ্যেষ্ঠ সাংবাদিক, বিশিষ্ট সমাজকর্মী, অসমীয়া ভাষা-সাহিত্য, সংস্কৃতি সমৃদ্ধ কৰি অহা শ্ৰদ্ধাৰ ব্যক্তি জিতু শৰ্মা ৰাজখোৱাক তেখেতৰ জন্ম দিনত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত অহা ৩ জানুৱাৰী তাৰিখে আনুষ্ঠানিকভাৱে এই বটা প্রদান কৰা হ'ব বুলি এক বিবৃত্তি যোগে জানিবলৈ দিছে আয়োজক সমিতিৰ সভাপতি অংকুৰ বৰঠাকুৰে।

No comments