Breaking News

গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২৫ ৰ বঁটা বিতৰণ আৰু মেথমেটিকেল চ'চাইটি, গোলাঘাট গঠন



ডিজিটেল সংবাদ, গোলাঘাটঃ মেথমেটিকেল চ'চাইটি, গোলাঘাটৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যিক ভিত্তিক গণিত প্ৰতিযোগিতা, গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২৫ ৰ বঁটা বিতৰণী অনুষ্ঠান কালি গোলাঘাট জাতীয় বিদ্যালয়ত অনুষ্ঠিত হৈ যায়। বিদ্যালয়খনৰ যোগেন পুণ্যপ্ৰভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অনুষ্ঠানটোৰ আৰম্ভণিতে ২০২৬-২৮ বৰ্ষৰ বাবে মেথমেটিকেল চ'চাইটি, গোলাঘাটৰ কাৰ্যনিৰ্বাহক সমিতি এখন গঠন কৰা হয়। সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত হোৱা সভাখনত সভাপতিত্বত কৰে হেম প্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ বিপুল চন্দ্ৰ ভূঞাই। অনুষ্ঠানত প্ৰথমে অসম গণিত শিক্ষায়তন, গোলাঘাট শাখা ভংগ কৰি জিলাখনত গণিত জনপ্ৰিয়কৰণ তথা গণিত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ অৰ্থে আৰু অধিক দৃঢ় ভাৱে কাম কৰিবলৈ মেথমেটিকেল চ'চাইটি, গোলাঘাট গঠন কৰা হয়। কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ লোকেন্দ্ৰ নাথ বৰা আৰু গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক কুনাল সিংহক ২০২৬-২৮ বৰ্ষৰ বাবে ক্ৰমে সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। মূল সমিতিখনৰ উপদেষ্টা হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমজন ৰেংলাৰ, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ গণিত বিভাগৰ প্ৰফেছাৰ অনুপম শইকীয়াৰ লগতে নতুন দিল্লীৰ পৰা পংকজ আগৰৱাল, বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় (ডিব্ৰগড়)ৰ অধ্যক্ষ অচিন্ত্য গোস্বামীকে ধৰি গোলাঘাট জিলাখনত বিগত সময়চোৱাত গণিত শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সৈতে অহোপুৰুষাৰ্থ কৰি অহা অৱসৰপ্ৰাপ্ত শিক্ষক ক্ৰমে পদ্ম তামুলী, বিমান গোস্বামী, ড৹ বিপুল চন্দ্ৰ ভূঞা,ড৹ জুৰী দেৱী, চৈয়দ আক্ৰাম হুছেইন আৰু জয়ন্ত কুমাৰ শইকীয়াক দায়িত্ব অৰ্পণ কৰা হয়। সমিতিখনত ধ্ৰুৱজ্যোতি শইকীয়াক উপসভাপতি, কবিৰ বাঢ়ৈ আৰু কৃষ্ণকান্ত উপাধ্যায়ক সহকাৰী সাধাৰণ সম্পাদক, অনুক কুমাৰ শৰ্মাক কোষাধ্যক্ষ, বৰ্ণালী শৰ্মাক আলোচনী সম্পাদক আৰু প্ৰাঞ্জুমনি ফুকনক সহকাৰী আলোচনী সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয়। সমিতিখনৰ কাৰ্যবাহী সদস্যসকল হ'ল ক্ৰমে শৈলেন্দ্ৰ কুমাৰ দত্ত বৰুৱা, চিত্ৰ ৰঞ্জন শইকীয়া, মণিপৰ্ণা গগৈ ভৰদ্বাজ, কিৰণময়ী বুঢ়াগোঁহাই শইকীয়া, স্বৰ্ণালীম দত্ত, ৰিঞ্জুমনি বৰুৱা, গায়ত্ৰী কোঁৱৰ সন্দিকৈ, ড৹ কৰবী দেৱী, পৰাগ ভূঞা, বিজিত বৰা, ড৹ আশিক হুছেইন মিৰ্জা, গীতালি হাজৰিকা, পল্লৱ বৰবৰা, মনিষা ডেকা, চৈয়দা খাজিনা ৰহমত, বিকাশি বৰা, ব্ৰজেন কোঁৱৰ আৰু সিদ্ধাৰ্থ প্ৰতীম গগৈ। 



এই কাৰ্যনিৰ্বাহক সমিতি গঠনৰ সভাখনৰ পিছতেই গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২৫ ৰ বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে, চাকৰিকালৰ পৰা বৰ্তমানলৈকে, অৱসৰ গ্ৰহণ কৰাৰ পিছতো জিলাখনত গণিত জনপ্ৰিয়কৰণৰ অৰ্থে অহোপুৰুষাৰ্থ কৰি অহা অৱসৰপ্ৰাপ্ত পাঁচজন ব্যক্তি ক্ৰমে ড৹ বিপুল চন্দ্ৰ ভূঞা (অৱসৰপ্ৰাপ্ত অধ্যক্ষ, হেম প্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়), ড৹ জুৰী দেৱী (অৱসৰপ্ৰাপ্ত অধ্যক্ষ, ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়), চৈয়দ আক্ৰাম হুছেইন (অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক, আঠখেলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়), লোকেন্দ্ৰ নাথ বৰা (অৱসৰপ্ৰাপ্ত অধ্যক্ষ, কমাৰবন্ধা উচ্চতৰ মাধ্যমিক বিদ্যালয়) আৰু জয়ন্ত শইকীয়া (অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক, হামদৈ ছিনিয়ৰ বেছিক স্কুল) সম্বৰ্ধনা জনোৱা হয়। চানমাৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী ৰিঞ্জুমনি বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে গোলাঘাট জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক হেমগিৰি নৰহে। গণিত উৎকৰ্ষ সাধন পৰীক্ষা, ২০২৫ ৰ উদ্যোক্তা সমিতিৰ হৈ সভাপতি লোকেন্দ্ৰ নাথ বৰাই আদৰণী ভাষণ প্ৰদান কৰে। প্ৰতিযোগিতাখনৰ আহ্বায়ক সিদ্ধাৰ্থ প্ৰতীম গগৈয়ে পৰীক্ষাৰ ফলাফলৰ সম্পৰ্কীয় বিশ্লেষণ আগবঢ়াই। অসম গণিত অলিম্পিয়াড, গোলাঘাট কেন্দ্ৰৰ সমন্বয়ক বিজিত বৰাৰ লগতে মেথমেটিকেল চ'চাইটি, গোলাঘাটৰ প্ৰথমজন সাধাৰণ সম্পাদক কুনাল সিংহ আৰু দাতা পৰিয়ালৰ হৈ চামচেং গগৈ আৰু ৰশ্মিতা শইকীয়াৰ লগতে প্ৰতিযোগিতাত ৰেংক প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলেও নিজা অনুভৱ ব্যক্ত কৰে। ইয়াৰ পিছতে প্ৰতিযোগিতাত সফলতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ পুৰস্কাৰসমূহ প্ৰদান কৰা হয়। পৰীক্ষাত উত্তীৰ্ণ সকলো ছাত্ৰ-ছাত্ৰীকে কিতাপ, মানপত্ৰ প্ৰদান কৰাৰ লগতে পঞ্চম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰতিটো শাখাৰ প্ৰথম তিনি স্হান প্ৰাপ্তক একোটাকৈ মেমেণ্ট'ৰ উপৰিও ক্ৰমে নগদ ৩০০০ টকা, ২০০০ টকা আৰু ১৫০০ টকা  প্ৰদান কৰা হয়। দশম, নৱম আৰু অষ্টম শ্ৰেণীৰ প্ৰথম স্থান প্ৰাপ্তলৈ ৰিলায়েঞ্চ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ চেয়াৰমেন দীপক কুমাৰ গগৈয়ে তেখেতৰ পিতৃ প্ৰয়াত জীৱকান্ত গগৈ, মাতৃ প্ৰয়াত বন্দনা গগৈ আৰু ভ্ৰাতৃ প্ৰয়াত ৰূপক গগৈৰ সোঁৱৰণত বঁটা আগবঢ়াই। সপ্তম, ষষ্ঠ আৰু পঞ্চম শ্ৰেণীৰ  প্ৰথম স্হান প্ৰাপ্তলৈ ক্ৰমে ললিত শইকীয়া সোঁৱৰণী বঁটা (দাতা: মিনাক্ষী শইকীয়া), ৰূপম কুমাৰ শৰ্মা সোঁৱৰণী বঁটা (দাতাঃ অনুপম শৰ্মাই ) আৰু উমেশ চন্দ্ৰ সন্দিকৈ সোঁৱৰণী বঁটা (দাতা: উজ্জ্বল নয়ন সন্দিকৈ) আগবঢ়োৱা হয়। নৱম আৰু পঞ্চম শ্ৰেণীৰ দ্বিতীয় স্থান প্ৰাপ্তলৈ ক্ৰমে মাখন হাজৰিকা সোঁৱৰণী  বঁটা (দাতা: গীতালি হাজৰিকা) আৰু কৌস্তভমনি হাজৰিকা সোঁৱৰণী বঁটা (দাতা: ধ্ৰুৱজ্যোতি শইকীয়া, ৰশ্মিতা শইকীয়া) আগবঢ়োৱা হয়। বাকী স্থান প্ৰাপ্তসকলক মেথমেটিকেল চ'চাইটি, গোলাঘাটৰ তৰফৰপৰা বঁটা প্ৰদান কৰা হয়। একেটা অনুষ্ঠানতে অসম গণিত অলিম্পিয়াড, ২০২৫ ত  উত্তীৰ্ণ হোৱা গোলাঘাট কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীসকলকো তেওঁলোকৰ মানপত্ৰসমূহ প্ৰদান কৰা হয়। গোলাঘাট জাতীয় বিদ্যালয়ৰ শিক্ষক মৃত্যুঞ্জয় ঘোষ, নজৰুল হুছেইন, অচিন্ত দত্ত আৰু সিদ্ধাৰ্থ সন্দিকৈ উপস্থিত থকা অনুষ্ঠানৰ অন্তত শলাগৰ শৰাই আগবঢ়াই কাকডোঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক, ধ্ৰুৱজ্যোতি শইকীয়াই।

No comments