গুগল মিটযোগে গ্ৰাহক সুৰক্ষা সংস্থাৰ উদ্যোগত বিশ্ব গ্ৰাহক অধিকাৰ দিবস পালন
গুৱাহাটীঃ বিশ্ব গ্ৰাহক অধিকাৰ দিবস উপলক্ষে গ্ৰাহক সুৰক্ষা সংস্থাৰ উদ্যোগত দেওবাৰে গুগল মিটৰ যোগে এখন বিশেষ সভা অনুষ্ঠিত হয়। সংস্থাৰ সভাপতি ড° বীৰেন্দ্ৰ কুমাৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত বিশিষ্ট অতিথি হিচাপে কম্বোডিয়াৰ কেমএড বিজনেছ স্কুলৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ড° তাপস ৰঞ্জন দাশ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ এমবিএ বিভাগৰ অধ্যাপক ড° বনজিৎ চাংকাকতি উপস্থিত থাকে। সভাত দুয়োগৰাকী অতিথিয়ে বিশ্ব গ্ৰাহক অধিকাৰ দিৱসৰ তাৎপৰ্য আৰু বৰ্তমান সময়ত গ্ৰাহক সচেতনতা বৃদ্ধিৰ প্ৰয়োজনীয়তাৰ বিষয়ে সহজ, সুন্দৰ আৰু গঠনমূলক বক্তব্য আগবঢ়াই উপস্থিত সকলৰ মন জয় কৰে।
সভাত সভাপতি ড° বীৰেন্দ্ৰ কুমাৰ দাস, উপ-সভাপতি শ্ৰীযুত ভূপেন তালুকদাৰ, সম্পাদক বিপ্লৱানন্দ চৌধুৰী আৰু পাৰ্থ দত্ত আদিয়েও নিজৰ নিজৰ বক্তব্য আগবঢ়ায়। যুটীয়া সম্পাদক ত্ৰিদীপ বৰুৱাই সভাৰ পৰিচালনাত সহায় কৰে। লিলি দাস, অজয় লহকৰ, গীতাঞ্জলি কলিতা, মালবিকা শৰ্মা, জয়দীপ দাশ, মৃদুস্মিতা শৰ্মা, কঙ্কনা বৰুৱা, ড° অঞ্জনা গোস্বামী, বিমান বৰা, মিনা চামুৱা, সীমান্ত বৰচেতিয়া, ইলোৰা ভাগৱতী আদি কৰি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ বহুজন ব্যক্তিয়ে সভাত উপস্থিত থাকে।

No comments