গোলাঘাট আভিযান্ত্ৰিক মহাবিদ্যালয়ত ' ডেচাফিঅ' ' শীৰ্ষক মুকলি কুইজ প্ৰতিযোগিতা সম্পন্ন
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট আভিযান্ত্ৰিক মহাবিদ্যালয়ত প্ৰতি বছৰে অনুষ্ঠিত হোৱা 'ৰেপছ'ডী' শীৰ্ষক বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হয় ' ডেচাফিঅ' ' (Desafio) শীৰ্ষক এখনি কুইজ প্ৰতিযোগিতা। সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা এই মুকলি কুইজ প্ৰতিযোগিতা এইবাৰ অনুষ্ঠিত হৈ যায় যোৱা ১৩ মাৰ্চত। অসমৰ এজন আগশাৰীৰ কুইজ পৰিচালক ৰক্তিম ৰঞ্জন বৈশ্যই পৰিচালনা কৰা এইবাৰৰ ' ডেচাফিঅ' ' ত গোলাঘাটৰ লগতে যোৰহাট, ডিব্ৰুগড়, নলবাৰী, গুৱাহাটী আদি বিভিন্ন ঠাইৰ পৰা অহা কুইজপ্ৰেমী ছাত্ৰ ছাত্ৰী, শিক্ষক, সাংবাদিক, প্ৰশাসনিক বিষয়া আদিয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ আৰম্ভণিতে কুইজ পৰিচালক ৰক্তিম ৰঞ্জন বৈশ্যক সম্বৰ্দ্ধনা জ্ঞাপন কৰে গোলাঘাট আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ কুইজ আৰু তৰ্ক বিভাগৰ সম্পাদিকা নিশিতা বৰাই। প্ৰাৰম্ভিক ৰাউণ্ডৰ অন্তত মুঠ ছটা দলক চূড়ান্ত ৰাউণ্ডলৈ নিৰ্বাচিত কৰা হয়। প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ লাভ কৰে প্লাৱন শৰ্মা আৰু গৌৰৱ হালৈৰ দলে। দ্বিতীয় স্থানত থাকে বিশ্বজিৎ শৰ্মা আৰু দ্বীপজ্যোতি দাসৰ দল। তৃতীয় স্থান অধিকাৰ কৰে ৰায়ন কাশ্যপ আৰু কুইতাৰ্থ বৰুৱাৰ দলে। বিজয়ী সকলক নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হয়। আনহাতে চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ স্থান অধিকাৰ কৰা দলকেইটাকো পুৰস্কৃত কৰা হয়।

No comments