Breaking News

প্ৰহেলিকা ই-আলোচনীৰ অষ্টম সংখ‍্যাৰ উন্মোচন



ডিজিটেল ডেস্কঃ শনিবাৰে সন্ধিয়া ৭ বজাত, ত্ৰাতৃ প্ৰকাশনৰ উদ্যোগত মালবিকা শৰ্মাৰ দ্বাৰা প্ৰকাশিত ভৌতিক সাহিত‍্যৰ ই-আলোচনী "প্ৰহেলিকা"ৰ অষ্টম সংখ্যাটো আৰু  লগতে মালবিকা শৰ্মাৰ কবিতা পুথি "ফ্লীএং ২" ৰ উন্মোচনী অনুষ্ঠানটো গুগল মিটৰ জৰিয়তে সফলতাৰে সম্পন্ন কৰা হয়। গাম্ভীৰ্যপূৰ্ণ উন্মোচনী অনুষ্ঠানটো সাহিত‍্যৰ অনুৰাগী বিশিষ্ট ব্যক্তিসকলৰ উপস্থিতিত আকৰ্ষণীয় আৰু জীপাল হৈ উঠে। কবিতা পুথি আৰু আলোচনীখন উন্মোচন কৰে সদৌ অসম লেখিকা সমাৰোহৰ সভানেত্ৰী সুবৰ্ণ বৰদলৈ শইকীয়াই। সভাৰ মুখ্য অতিথিৰূপে তেখেতে  অতি মনোগ্ৰাহী ভাষণ আগবঢ়ায়। 

বহু সন্মানীয় ব্যক্তিয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁলোকৰ ভৌতিক কাহিনী আৰু অভিজ্ঞতাৰে সকলোৰে মন আকৰ্ষণ কৰে। ইণ্ডোনেচিয়াৰপৰা ৰাহায়ুয়ে অনুষ্ঠানত যোগদান কৰে। ত্ৰিদীপ বৰুৱা, নৱজিৎ দাস,  মঞ্জু দত্ত, জয়শ্ৰী বুঢ়াগোঁহাই, অপৰ্ণা শৰ্মা, নীলিমা দেৱী, অদিতি বৰুৱা, বণশ্ৰী দেৱী, ড. বিনীতা নাথ, জুনু মিশ্ৰ,  আৰতি শৰ্মা, জয়শ্ৰী দেৱী, মিনা চামুৱা, সীমান্ত বৰচেতিয়া, সবিতা ৰায়, অনিন্দিতা কলিতা, অংকিতা শৰ্মা আদি শুভাকাংক্ষীৰ উপস্থিতিয়ে সন্ধিয়াটো জীপাল কৰি তোলে।

No comments